ETV Bharat / state

লোকসেৱা কেলেংকাৰী: ২৫ এপিএছ-এচিএছ বিষয়াৰ বহীত বিসংগতি - ২৫ এ পি এছ এ চি এছ বিষয়াৰ বহীত বিসংগতি

অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা কমেও ২৫ গৰাকী এপিএছ (APS) আৰু এচিএছ (ACS) বিষয়ালৈ আহিছে নতুন বিপদ । দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ ফাইল পুনৰ খোল খাইছে । যিকোনো মুহুৰ্ততে জেৰাৰ সন্মুখীন হ'ব লাগিব পাৰে এপিএছ (APS) আৰু এচিএছ (ACS) বিষয়াসকল ।

Apsc scam
লোকসেৱা কেলেংকাৰী
author img

By

Published : Jun 27, 2021, 5:41 PM IST

গুৱাহাটী, ২৭ জুন : অসমৰ ৰাইজে লোকসেৱা আয়োগৰ (APSC) নিযুক্তি কেলেংকাৰীৰ কথা কেতিয়াও পাহৰিব নোৱাৰে । মেধাবী প্ৰাৰ্থীক বঞ্চিত কৰি একাংশই কেনেদৰে বক্ৰপথেৰে চাকৰি লৈছিল সেই কথা সকলোৰে জ্ঞাত । অসমৰ ইতিহাসত ক'লা অধ্যায় হিচাপেও বিবেচিত হৈছিল এই কেলেংকাৰী ঘটনা ।

Apsc scam
লোকসেৱা কেলেংকাৰী

কুখ্যাত ৰাকেশ পালৰ (Rakesh Paul) পৰা লাখ লাখ টকাৰ বিনিময়ত চাকৰি কিনি এতিয়াও অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা কমেও ২৫ গৰাকী এপিএছ (APS) আৰু এচিএছ (ACS) বিষয়ালৈ আহিছে নতুন বিপদ । ২০১৩ বৰ্ষৰ লোকসেৱা আয়োগৰ (APSC) পৰীক্ষাত ৩৯ গৰাকী প্ৰাৰ্থীয়ে ৰাকেশ পালৰ পৰা চাকৰি কিনি জেলৰ ভাত খাবলগীয়া হৈছিল । কেৱল জেলৰ ভাতেই নহয়, খেদা খাবলগীয়া হৈছিল ৩০-৪০ লাখ টকাৰে কিনা চাকৰিটোৰ পৰাও ।

শেহতীয়াকৈ সেই ৩৯ গৰাকী চাকৰি হেৰুওৱা বিষয়াৰ পিছত বেয়া দিন আহিছে এতিয়াও কৰ্মৰত হৈ থকা আৰু ২৫ গৰাকী এপিএছ, এচিএছ বিষয়াৰ । ইতিমধ্যে আহমেদাবাদৰ ফৰেণচিক পৰীক্ষাগাৰৰ (Forensic Laboratory) পৰা আহি পাইছে উক্ত ২৫ গৰাকী বিষয়াৰ হস্তাক্ষৰ পৰীক্ষাৰ প্ৰতিবেদন । সেই প্ৰতিবেদনৰ ভিত্তিতেই এই বিয়াগোম কেলেংকাৰীটোৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে ২৫ গৰাকী কৰ্মৰত বিষয়াৰ বিৰুদ্ধে তদন্ত চলাবলৈ বিশেষ ন্যায়াধীকৰণ আদালতত আবেদন জনাইছিল ।

আদালতে শুকুৰবাৰে তদন্তকাৰী বিষয়াজনক পুনৰ অনুসন্ধান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে । সেই অনুসৰি এতিয়া যিকোনো মুহুৰ্ততে জেৰাৰ সন্মুখীন হ'বলগীয়া হ'ব এই ২৫ গৰাকী এপিএছ (Aps) আৰু এচিএছ (ACS) বিষয়া । অসম আৰক্ষীয়ে (Assam Police) ২৫ গৰাকী বিষয়ালৈ চমন জাৰি কৰিবলৈ সাজু হৈছে । উল্লেখযোগ্য যে উক্ত ২৫ গৰাকী বিষয়াৰ উত্তৰ বহীৰ হাতৰ আখৰ, টেবুলেশ্বনৰ আখৰ, প্ৰাপ্ত নম্বৰত অভাৰলেপিং আদি বিভিন্ন বিসংগতি ধৰা পৰিছে আহমেদাবাদৰ পৰা অহা ফৰেণচিক প্ৰতিবেদনত ।

লগতে পঢ়ক : মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.