ETV Bharat / state

কামাখ্যাত পানী টেংকাৰৰ চালকৰ কৰুণ মৃত্যু - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ

ঘটনাস্থলীত জালুকবাৰী যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ চূৰ্ণ বিচূৰ্ণ টেংকাৰখন উদ্ধাৰ কৰাৰ লগতে মৃত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

Accident at guwahati  kamaykhaya a tanker driver death
কামাখ্যাত পানী টেংকাৰ চালকৰ কৰুণ মৃত্যু
author img

By

Published : Aug 8, 2020, 9:05 PM IST

গুৱাহাটী,8 আগষ্টঃ শনিবাৰে মহানগৰীৰ কামাখ্যা নাহৰবাৰী পথত এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ পানী যোগান ধৰিব আহি কৰুণ মৃত্যুক সাবতিলে এগৰাকী ব্যক্তিয়ে ৷ ঘটনা অনুসৰি বীৰেন ৰয় নামৰ এগৰাকী লোকে পানী যোগান ধৰিবলৈ এখন পানীভৰ্তি টেংকাৰ চলাই লৈ গৈ থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহনখন ।

কামাখ্যাত পানী টেংকাৰ চালকৰ কৰুণ মৃত্যু

ইপিনে টেংকাৰখনৰ চেপাত থিতাতে মৃত্যু হয় চালক বীৰেন ৰয়ৰ ৷ ঘটনাস্থলীত জালুকবাৰী যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ চূৰ্ণ বিচূৰ্ণ টেংকাৰখন উদ্ধাৰ কৰাৰ লগতে মৃত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে , উক্ত স্থানত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তি : অধিবক্তা কৃষ্ণ গগৈৰ ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.