গুৱাহাটী, ২আগষ্ট: অসমত ১,৬৫,০০০ হাজাৰ সদস্য ভৰ্তি লক্ষ্য স্থিৰ কৰি লৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । এই কথা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি পৰিষদৰ মহানগৰ সম্পাদক স্বপ্ননীল হালৈয়ে সদৰী কৰে । তেওঁ কয় যে পহিলা আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত এই সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰা হৈছে । বিদ্যাৰ্থী পৰিষদে গুৱাহাটী মহানগৰীত ৩০ হাজাৰ সদস্য ভৰ্তিৰ লক্ষ্য লৈছে বুলিও তেওঁ মন্তব্য় কৰে ৷
গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি স্বপ্ননীল হালৈয়ে কয়,"এই বৰ্ষত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দেশত এক কোটি সদস্য ভৰ্তিৰ লক্ষ্য লৈছে । জুনত তেজপুৰত হৈ হোৱা জিলা সমীক্ষা বৈঠকত অসমত ১,৬৫,০০০ হাজাৰ সদস্য ভৰ্তি লক্ষ্য লোৱা হৈছে । সেই অনুসৰি ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ প্ৰথম স্তৰত শিক্ষকসকলক অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ সদস্য ভৰ্তি অভিযান চলিব । দ্বিতীয় স্তৰত ৮-১৬ আগষ্টলৈ বিদ্যালয়সমূহলৈ গৈ সদস্য ভৰ্তি অভিযান চলোৱা হ'ব ।" আনহাতে, তৃতীয় স্তৰত ১৭-২৭ আগষ্টলৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত সদস্যভৰ্তি অভিযান চলিব বুলি উল্লেখ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মহানগৰ সম্পাদক স্বপ্ননীল হালৈয়ে ।
লগতে পঢ়ক:Second Sualkuchi of Assam: দ্বিতীয় শুৱালকুছি হিচাপে খ্যাত অসমৰে এখন গাঁও; ঘৰে ঘৰে আছে যুৱ শিপিনি
সদস্য ভৰ্তিত শিক্ষকৰ শুল্ক ১০০ টকা আৰু বিদ্যাৰ্থী সকলৰ শুল্ক ৫ টকা হ'ব বুলি কয় সম্পাদক স্বপ্ননীল হালৈয়ে । আনহাতে, সংবাদমেলত দৰঙত বজৰং দলে অস্ত্ৰ প্ৰশিক্ষণ দিয়া কাৰ্যৰ এ বি ভি পিৰ প্ৰতিক্ৰিয়া কি বুলি সাংবাদিকে সোধা প্ৰশ্নত মহানগৰ সমিতিৰ যুটীয়া সম্পাদক যুৱৰাজ ডেকাই সেই কাৰ্যৰ বিৰোধিতা নকৰিলে যদিও সপক্ষেও মত প্ৰকাশ নকৰিলে । তেওঁ কৌশলগতভাৱে উত্তৰ দি কয়," ছাত্ৰ ছাত্ৰীৰ হাতত কলম কাগজ থাকিব লাগে ।"