ETV Bharat / state

আকাশবাণীৰ বাতৰি পঢ়িবলৈ আৰু ঘূৰি নাহে অৱন বৰপূজাৰী

author img

By

Published : Oct 28, 2021, 1:54 PM IST

অৱন বৰপূজাৰী আৰু নাই ৷ নব্বৈৰ দশকতেই তেওঁ দিল্লীৰ পৰা আঞ্চলিক বাতৰি পঢ়িছিল ৷ যাৰ গলগলীয়া কণ্ঠস্বৰ সকলোৰে বাবে পৰিচিত আছিল ৷ সেই গলগলীয়া কণ্ঠৰ অধিকাৰী অৱন বৰপূজাৰীয়ে আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল এখন অজান পৃথিৱীলৈ ৷

passes away aban borpuzari
অৱন বৰপূজাৰী আৰু নাই

গুৱাহাটী, 28 অক্টোবৰ : "এয়া আকাশবাণী, বাতৰি পঢ়িছো অৱন বৰপূজাৰীয়ে..." । আশীৰ দশকৰ পৰা নব্বৈৰ দশকৰ মধ্যভাগলৈকে অসমৰ গাঁৱে-ভূঞে প্ৰায় সকলোৰে ঘৰে ঘৰে থকা ৰেডিঅ'টোত ভাহি আহিছিল গলগলীয়া এই পৰিচিত কন্ঠ । ৰেডিঅ'ৰ বাতৰি মানেই যেন অৱন বৰপূজাৰী, লিলি দাস মালিক আৰু গুণ বৰুৱা ।

কোনজন অসমীয়াই শুনা নাই এওঁলোকৰ কন্ঠ ! সেই বিখ্যাত কন্ঠৰ অধিকাৰী অৱন বৰপূজাৰী আৰু নাই ৷ বৃহস্পতিবাৰে চিৰদিনলৈ হেৰাই গ’ল শ্ৰোতাৰ প্ৰিয় কণ্ঠৰ অধিকাৰী অৱন বৰপূজাৰী ।

passes away aban borpuzari
অৱন বৰপূজাৰী আৰু নাই

স্তব্ধ হ'ল অৱন বৰপূজাৰীৰ সেই পৰিচিত গলগলীয়া কন্ঠ ।

নবৈ দশকতেই তেওঁ দিল্লীৰ পৰা আঞ্চলিক বাতৰি পঢ়িছিল ৷ পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটীৰ পৰা পৰিবেশন কৰিছিল অসমীয়া বাতৰি ৷ তেওঁ অৱসৰ গ্ৰহণ কৰিছিল 2002 চনত ৷

দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত আছিল অৱন বৰপূজাৰী ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় পাঁচ বজাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিস্বাস ত্যাগ কৰে অৱন বৰপূজাৰীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ।

লগতে পঢ়ক : বেলতলা হত্যাকাণ্ড: গ্ৰেপ্তাৰ হ’ব পাৰে আকাশ চৌধুৰীৰ পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.