ETV Bharat / state

30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধাঞ্জলি আছুৰ - ধাৰাবাহিক বিস্ফোৰণ

অভিশপ্ত 30 অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোক সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি আছুৰ ৷

aasus-tribute-to-martyrs-of-serial-blast-in-guwahati
ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধাঞ্জলি আছুৰ
author img

By

Published : Oct 30, 2021, 9:09 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত 200৮ চনৰ 30অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শনিবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় । লতাশিল খেলপথাৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । অনুষ্ঠানত উপস্থিত থাকি অভিশপ্ত দিনটোত প্ৰাণ আহুতি দিয়া লোক সকলক শ্ৰদ্ধাঞ্জলি জনায় আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধাঞ্জলি আছুৰ

তেওঁ কয় যে, আজিৰ দিনটো অসমৰ জনসাধাৰণে পাহৰিব নোৱাৰে । আজিৰ দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণ অসমৰ কেইবাটাও স্থানত হৈছিল । সন্ত্ৰাসবাদক পুলিয়ে পোখালিয়ে উৎখাত কৰিবলৈ সন্ত্ৰাসবাদ নিপাত যাওক ধনীৰে শক্তিশালী বাৰ্তা চৰকাৰলৈ প্ৰেৰণ কৰিব খুজিছো । আজিলৈ বোমা বিস্ফোৰণৰ লগত জড়িত সকলোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ সক্ষম নহ’ল । এয়া চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা । চৰকাৰে কিমান দিনৰ ভিতৰত বোমা বিষ্ফোৰণৰ লগত জড়িত সকলোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব ।

আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে আৰু কয় যে, বোমা বিস্ফোৰণত নিহত হোৱা সকলৰ পৰিয়ালক আৰু আহত সকলৰ উন্নত চিকিৎসাৰ লগতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কিমান দিনৰ ভিতৰত কৰিব সেয়া জনাব লাগে । অসমত পুনৰ সন্ত্ৰাসবাদীয়ে গা কৰি উঠাৰ তৎপৰতা দেখুৱাইছে । অসমত থকা সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উঘালিবলৈ ব্যৱস্থা কৰিব লাগে । অসমত সন্ত্ৰাসবাদী ,মৌলবাদীৰ স্থান নাই । অনুষ্ঠানত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক : পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.