ETV Bharat / state

হাতে হাতে কাঁহী-বাটি লৈ মহানগৰীত প্ৰতিবাদ - গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ৰাজ্যৰ যোগান বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি আলু পিঁয়াজৰ মালা পিন্ধি হাতে হাতে কাঁহী-বাটি লৈ আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷

হাতে হাতে কাঁহি বাতি লৈ মহানগৰীত প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 1:27 PM IST

গুৱাহাটী, 7 নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগ তথা চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগত ৰাজ্যজুৰি ভিন্ন ধৰণে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আলু পিঁয়াজৰ মালা পিন্ধি মহানগৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন দল সংগঠনে এতিয়া ৰাজ্য চৰকাৰৰ লগতে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীক সমালোচনাৰে থকা সৰকা কৰা পৰিলক্ষিত হৈছে ৷

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ দক্ষিণ গুৱাহাটী শাখাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আলু পিঁয়াজৰ মালা পিন্ধি হাতে হাতে কাঁহী-বাটি লৈ প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে ৷

গণেশগুৰিৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দক্ষিণ গুৱাহাটীৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ৷

প্ৰতিবাদকাৰী সকলে খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা যোগানমন্ত্ৰী গৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে ২১ৰ নিৰ্বাচনত চৰকাৰ খনক উচিত প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.