ETV Bharat / state

Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

author img

By

Published : Jul 22, 2021, 12:41 PM IST

Updated : Jul 22, 2021, 4:31 PM IST

পেগাচাচ (Pegasus)ৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱাধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে । যাক লৈ ইতিমধ্যে দেশজুৰি বিতৰ্ক অব্যাহত আছে ৷ আশ্চৰ্যজনকভাৱে এই তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে অসমৰ দুজন বিশেষ ব্যক্তিৰ ৷ তেওঁলোক দুজন হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া ৷

তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

গুৱাহাটী, ২২ জুন : ইজৰাইলী চোৰাংচোৱাৰ তথ্য প্ৰযুক্তি পেগাচাচ(pegasus) ব্যৱহাৰ কৰি তিনি শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই-মেইল হেকিঙক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ আছে ৷ এই সময়তে অসমৰ দুজন চৰ্চিত ব্যক্তিৰ নাম এই তালিকাত থকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱাধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে ।

এই ফোন টেপিঙৰ তালিকাত সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(Samujjal kumar Bhattacharjya) আৰু আলোচনাপন্থী আলফা(ULFA) নেতা অনুপ চেতিয়াৰ নামো থকাৰ কথাও শেহতীয়াকৈ পোহৰলৈ আহিছে । ইফালে এই তালিকাত দিল্লীস্থ মণিপুৰৰ এজন লেখক মালেম নিথোজাৰ নামো তালিকাত আছে । উল্লেখ্য যে অনুপ চেতিয়াৰ এটা ফোন নম্বৰ ২০১৮ চনৰ শেষৰ পিনে টেপিং কৰা হৈছিল বুলি তথ্য প্ৰকাশ পাইছে ।

Pegasus কাণ্ডৰ তালিকাত অনুপ চেতিয়াৰ নাম

The Wire-এ চলোৱা বিশ্লেষণত অনুপ চেতিয়া আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন পেগাচাচে টেপ কৰাৰ কথা প্ৰমাণ হৈছে । সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা এটা ফোন নম্বৰ টেপ কৰা হৈছিল । ইতিমধ্যে The Wire-এ বিশ্লেষণ কৰা ৩০০ টা ভাৰতীয় ফোন নম্বৰৰ ভিতৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফোন নম্বৰটোও আছে ।

আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ ফোন নম্বৰটো কেন্দ্ৰীয় গৃহ দপ্তৰে(union home ministry) অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সমিতি গঠন কৰি দিয়াৰ কেইমাহ মান আগৰে পৰা টেপ কৰা হৈছিল বুলি প্ৰমাণ পাইছে The Wire-এ । ২০১৯ চনৰ ১৬ জুলাইৰ দিনা কেন্দ্ৰীয় গৃহ দপ্তৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াৰ কথা ঘোষণা কৰিছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাবে লৈ উক্ত সমিতি খন গঠন কৰা হৈছিল আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উক্ত সমিতিৰ এগৰাকী সদস্য আছিল ।

আনহাতে, আলফা-চৰকাৰৰ মাজত শান্তি আলোচনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অনুপ চেতিয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল আৰু আইনখন বাতিল নকৰিলে শান্তি আলোচনাৰ পৰা ওলাই আহিব বুলিও হুংকাৰ দিছিল । তদুপৰি ২০১৮ চনত তিনিচুকীয়াত পাঁচজন হিন্দু বাংলাভাষীক আলফাই হত্যা কৰা ঘটনাৰ পৰ্যবেক্ষণ কৰিবলৈ গৈছিল অনুপ চেতিয়া । সেই সময়ৰ পৰাই অনুপ চেতিয়াৰ ফোন টেপিঙৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে । সম্প্ৰতি, এই সমগ্ৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিৰ লগতে সমাজ জীৱনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

Last Updated : Jul 22, 2021, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.