ETV Bharat / state

'আৰা'ৰ প্ৰথমটো ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰৰ সফল সামৰণি

author img

By

Published : Jun 16, 2021, 10:24 PM IST

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম ৰেষ্টুৰেণ্ট এছ'চিয়েচন (ALL ASSAM RESTAURANT ASSOCIATION)ৰ প্ৰতিষেধক প্ৰদান শিবিৰ(vaccine camp)ৰ সফল সামৰণি পৰে মঙলবাৰে ৷ তিনিদিনীয়া এই কার্যসূচীৰে গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী, পৰিচালক আৰু কৰ্মচাৰীসকলৰ সৰ্বমুঠ ৭১২ জনক প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হয় ।

AARA's vaccine camp is end
'আৰা'ৰ প্ৰথমটো ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰৰ সফল সামৰণি

গুৱাহাটী, ১৬ জুন : সদৌ অসম ৰেষ্টুৰেণ্ট এছ'চিয়েচন (ALL ASSAM RESTAURANT ASSOCIATION)ৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষেধক প্ৰদান শিবিৰ(vaccine camp)ৰ মঙলবাৰে সফল সামৰণি পৰে। গুৱাহাটীৰ আৰ জি বৰুৱা(R G BARUAH)পথৰ গুৱাহাটী চেণ্ট্ৰেল’ৰ এগজ’টিকা গ্ৰীন পার্কত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত ‘মেডিচিটী হাস্পতাল'(medicity hospital) গুৱাহাটীৰ সঞ্চালক ডাঃ চিৰঞ্জীৱ চক্ৰৱৰ্তীৰ তত্বাৱধানত অহা নাৰ্চ অনামিকা ডেকা, ৰীণা বেগম, ইন্দ্ৰজিৎ সৰকাৰ আৰু ৰোছনে সহযোগিতা আগবঢ়ায় ।

ক’ভিড সৃষ্ট বর্তমান পৰিৱেশত আই ডি এফ চি ফাষ্ট বেংক (LDFC FAST BANK) আৰু এইচ এম এণ্টাৰপ্ৰাইজ(H S ENTERPRISE)ৰ সহযোগিতাও অনুকৰণীয় । তিনিদিনীয়া এই কার্যসূচীৰে গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰ, মেনেজাৰ আৰু কৰ্মচাৰীসকলৰ সৰ্বমুঠ ৭১২জনক প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হয় । সন্থাৰ সভাপতি অতুল লহকৰ, উপ-সভাপতি ৰবীন কৰ, সহকাৰী সম্পাদিকা মজিতা চৌধুৰী, সমন্বয়ৰক্ষী ক্ৰমে ৰোমিঅ’ শেঠ, জিতান্ত্ৰিত বৰা আৰু প্ৰিতম ঘোষে প্ৰতিষেধক প্ৰদান কার্যসূচীৰ সফল ৰূপায়ণত অভূতপূৰ্ব সহযোগিতা আগবঢ়ায় ।

উল্লেখ্য যে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, প্ৰশাসনৰ বিষয়ববীয়াসকলে আগবঢ়োৱা সহায়-সহযোগিতাক সংস্থাটোৱে ধন্যবাদ জনোৱাৰ লগতে দ্বিতীয়টো প্ৰতিষেধকৰ সময়তো সকলোৰে সহযোগিতা কামনা কৰে ৷

লগতে পঢ়ক: কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.