ETV Bharat / state

AAP protest at Guwahati: প্ৰতিবাদ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল প্ৰতিবাদকাৰী

author img

By

Published : Jan 12, 2023, 6:24 PM IST

মহানগৰীৰ বিজুলী ভৱনৰ ওচৰত প্ৰতিবাদ কৰিবলৈ অহা আপৰ প্ৰতিবাদকাৰীৰ ওপৰত বৃহস্পতিবাৰে জপিয়াই পৰে আৰক্ষী বাহিনী ৷ প্ৰতিবাদকাৰীসকলৰ গণতান্ত্ৰিক অধিকাৰক সন্মান জনোৱাৰ পৰিবৰ্তে তেওঁলোকক চোঁচৰাই, টানি আটক কৰি নিয়ে আৰক্ষীৰ লোকে ৷ ইয়াকে লৈ চৰকাৰৰ বিৰুদ্ধে অধিক সোঁচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী(AAP Workers Detained During Protest at Guwahati) ৷

AAP Workers Detained During Protest at Guwahati
প্ৰতিবাদ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল প্ৰতিবাদকাৰী

গুৱাহাটী, ১২ জানুৱাৰী : বিদ্যুতৰ বৰ্ধিত মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰাৰ দাবীত বৃহস্পতিবাৰে আম আদমী পাৰ্টীয়ে গুৱাহাটীৰ বিজুলী ভৱনৰ(Assam Power Distribution Company Limited) সম্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুন লৈ বিভিন্ন প্ৰতিবাদী তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে(AAP Protest against electricity bill hike) ।

ইফালে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদানৰ উদ্দেশ্যৰে বিজুলী ভৱনৰ সম্মুখত বিশাল আৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল ৷ পূৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাত দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক চোঁচৰাই, টানি আটক কৰি আৰক্ষীৰ গাড়ীত উঠাই চচললৈ লৈ যায় ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আপৰ নেতা জিতুল ডেকাই কয় যে, যোৱা বছৰৰ জুলাই, আগষ্টৰ পৰা ৰাজ্যত এপিডিচিএলে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাজ্যৰ ৬৭ লাখ বিদ্যুৎ গ্ৰাহকক মাধমাৰ শোধাই আহিছে । এই সন্দৰ্ভত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পিছত মুখ্যমন্ত্ৰীয়ে বৰ্ধিত বিদ্যুৎ মাচুল হ্রাস কৰাৰ বাবে এখন সমিতি গঠন কৰি এই সমস্যা সমাধান কৰাৰ লগতে বৃদ্ধি হোৱা মাচুল পৰবৰ্তী বিলৰ লগত মিলাই দিয়াৰো প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজিকোপতি এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

তেওঁ লগতে কয় যে, ইয়াৰ বিপৰীতে চলিত মাহৰ পৰা পুনৰ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰিব বুলি এপিডিচিএলে ৰাজহুৱা জাননী দিছে । এপিডিচিএলৰ দুৰ্নীতি আৰু বিদ্যুৎ অপচয় ৰোধ কৰিব নোৱাৰা তথা বৃহৎ উদ্যোগ গোষ্ঠীক বিদ্যুৎ চুৰিৰ সুযোগ দিয়াৰ ফলত হোৱা লোকচানৰ বোজা সাধাৰণ গ্ৰাহকৰ মূৰত জাপি অহা হৈছে । ইয়াৰ বিপৰীতে বৃহৎ পুঁজিপতি গোষ্ঠীক কোটি কোটি টকাৰ মাচুল ৰেহাই দি এপিডিচিএলে জনবিৰোধী কার্যত লিপ্ত হৈছে ।

প্ৰতিবাদকাৰীসকলে পাছত আম আদমি পার্টি অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা বৰ্ধিত বিদ্যুৎ মাচুল হ্রাসৰ ব্যৱস্থা কৰা, ইতিমধ্যে অত্যাধিকভাৱে সংগ্ৰহ কৰা বিদ্যুৎ মাচুল ঘূৰাই দিয়া তথা পৰবৰ্তী বিলৰ লগত মিলাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে বৃহৎ পুঁজিপতি গোষ্ঠীক এপিডিচিএলে কোটি কোটি টকা বিদ্যুৎ মাচুল ৰেহাই দি সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত কৰাৰ দাবীত তেওঁলোকে শক্তিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । তেওঁলোকে লগতে এপিডিচিএলে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্য বন্ধ কৰাৰ লগতে স্মাৰ্ট মিটাৰৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰাৰ বাবেও শক্তিমন্ত্ৰীক দাবী জনায় ৷

লগতে পঢ়ক: AAP protest in Lakhimpur: বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে লখিমপুৰত আপৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.