ETV Bharat / state

PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত AAP ৰ প্ৰতিবাদ

author img

By

Published : Jun 9, 2022, 6:55 PM IST

AAP ৰ প্ৰতিবাদত কঁপিল গনেশগুৰি । PPE কিট কেলেংকাৰীত নাম সাঙোৰ খাই পৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়াল(Himanta Biswa Sharma and his family accused of PPE kit scam)ৰ বিৰুদ্ধে CBI ৰ তদন্তৰ দাবী আপৰ । প্ৰায় ৫ শতাধিক আপৰ সদস্যই চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে পৰিৱেশ ।

PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত AAP ৰ প্ৰতিবাদ
PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত AAP ৰ প্ৰতিবাদ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী

গুৱাহাটী,৯ জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা PPE কিট কেলেংকাৰী(Himanta Biswa Sharma and his family accused of PPE kit scam)ৰ CBIৰ তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে(AAP protest against CM Himanta Biswa Sharma and his family) । আপৰ পাঁচ শতাধিক সদস্যই গণেশগুৰিত ‘বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক’, ‘মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

দলটোৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বেনাৰ, প'ষ্টাৰ, প্লে’কাৰ্ড আদি প্ৰদৰ্শন কৰে । আম আদমি পাৰ্টীয়ে অভিযোগ উত্থাপন কৰা হয় যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া ২০২০ চনত অসমৰ স্বাস্থ্যমন্ত্রী আছিল, তেতিয়া তেওঁৰ পত্নীৰ কোম্পানী জে চি বি ইণ্ডাট্রিজ আৰু তেওঁৰ পৰিয়ালৰ সহযোগী কোম্পানী ‘মেডিটাইম হেলথ্ কেয়াৰে এটাত ৯৯০ টকাকৈ PPE কিট যোগানৰ ঠিকা লাভ কৰিছিল ।

Aam Aadmi Party strongly protest in Ganeshguri
শতাধিক আপৰ সদস্যই চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে পৰিৱেশ

চৰকাৰে কিট্সমূহ এটাত ৬০০ টকা দৰত কিনাৰ অৱকাশ থকাৰ পিছতো এনে কৰা হৈছিল । এই ঘটনাৰ CBI তদন্ত বিচাৰিছে দলটোৱে । দলটোৱে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকা চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ব্লেক লিষ্টেড কৰা ৰাজীৱ বৰাৰ মালিকাধীন এজাইল এছ’ছিয়েশ্যনক হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনৰ ১০ এপ্ৰিলত পিপিই কিট্‌ যোগানৰ অনুমোদন দিছিল ২,২০৫ টকাকৈ ।

আম আদমি পাটীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰীৰূপে পৰিগণিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । এই সন্দৰ্ভত আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আৰু তেওঁৰ পত্নী ৰিণিকি ভুঞা শৰ্মা আৰু ঘনশ্যাম ধনুকাৰ কোম্পানীৰ বিৰুদ্ধেও তদন্ত কৰি সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায় ।

গণেশগুৰিত আম আদমি পার্টীৰ তীব্র প্রতিবাদ

ৰাজ্যিক সমন্বয়ক গৰকীয়ে জনায় যে এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে PPE কিট সমূহ তেওঁৰ পত্নীয়ে দান দিয়া বুলি কয় । কিন্তু দান দিয়া সামগ্ৰীৰ ‘ৱৰ্ক অৰ্ডাৰ’ থাকে বুলি প্রশ্ন কৰে ডাঃ চৌধুৰীয়ে । এগৰাকী জনপ্রতিনিধি হৈ মুখ্যমন্ত্ৰীয়ে এই কেলেংকাৰীত জড়িত থাকি ভয়ংকৰ অপৰাধ সংঘটিত কৰিছে ।

এই কেলেংকাৰীত তেওঁৰ পত্নী, পুত্ৰ নন্দিল বিশ্ব শৰ্মা, এজাইল এছ’ছিয়েটৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা, জিআৰডি ফার্মাচিউটিকেলছৰ স্বত্বাধিকাৰী ঘনশ্যাম ধনুকা প্রত্যক্ষভাৱে জড়িত হৈ ৰাজহুৱা ধন আত্মসাৎ কৰিছে বুলি অভিযোগ দিয়ে দলটোৱে । অকল PPE কিটইে নহয়, ক’ভিডৰ সময়ছোৱাত ছেনিটাইজাৰ যোগানৰ নামতো ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিল ।

সেই সময়চোৱাত ৩৭ টকীয়া ছেনিটাইজাৰ ২৩১ টকাত যোগান ধৰিবলৈ ঘনশ্যাম ধনুকাৰ প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল । সেয়ে আম আদমি পাটীয়ে আজি প্রতিবাদৰ জৰিয়তে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে । উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ ছিছ'ডিয়ায়ো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে উক্ত কেলেংকাৰীৰ তদন্ত দাবী তুলিছে ।

লগতে পঢ়ক: বজাৰ দখলৰ বাবে সাজু Bamboo Tea: আমগুৰিত বিশেষ পদক্ষেপ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.