গুৱাহাটী, 6 জুনঃ পি পি ই কিট কেলেংকাৰীৰ তদন্তৰ দাবীত 'আপ'ৰ প্ৰতিবাদ । কমল কুমাৰ মেধিৰ নেতৃত্বত সোমবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আপে প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, ৰিনিকী ভূঞাক গ্ৰেপ্তাৰ কৰক, অসমীয়াৰ তেজ শুহি খোৱা মুখ্যমন্ত্ৰী হায় হায়, পি পি ই কিটৰ দুৰ্নীতিৰ তদন্ত কৰক আদি শ্ল'গান দি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি কমল কুমাৰ মেধীয়ে কয় যে সৰ্বভাৰতীয় পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ কেলেংকাৰী আপৰ নেতৃত্বই সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিষয়টো উত্থাপন কৰিছে । হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে (AAP demanded resignation of CM Himanta Biswa Sarma)। অনতিবিলম্বে হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ ওপৰত তদন্ত হোৱাৰ লগতে ঘনশ্যাম ধনুকাৰ বিৰুদ্ধেও তদন্ত হব লাগে । হিমন্ত বিশ্ব শৰ্মা এইবাৰ সাৰি যাব নোৱাৰিব ।
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়ালৈ তদন্ত হোৱা নাই । তদন্ত ঘোষণা নোহোৱালৈ আপে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে দান দিয়া বস্তু বুলি কৈছে । কিন্তু দান দিয়া বস্তুৰ দাম নিৰ্ধাৰণ কৰা নাথাকে । পৰিস্থিতিত পৰিহে দান হিচাপে দেখুৱাব বিচাৰিছে । প্ৰতিবাদৰ পিছতে লতাশিল থানাত পি পি ই কিট কেলেংকাৰীৰ তদন্তৰ বাবে আপে এজাহাৰ দাখিল কৰে (AAP filed FIR at Latasil PS) ৷
আনহাতে অখিল গগৈয়ে আপত যোগদান কৰা-নকৰা সম্পৰ্কে মেধীয়ে কয় যে দলৰ লগত এই বিষয়ে কোনো যোগাযোগ হোৱা নাই বা দলৰ মাজত কোনো আলোচনাও হোৱা নাই । অখিল গগৈ আপত যোগদান কৰাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰি কমল কুমাৰ মেধীয়ে কয় যে আমি সংবাদ মাধ্যমতহে বাতৰিটো দেখিছো ।