ETV Bharat / state

Buffalo syndicate in Assam: অসমত ম’হ ছিণ্ডিকেটৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আপৰ - AAP on buffalo syndicate in Assam

ম'হ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আপ অসমৰ নেতৃবৃন্দ ৷ এখন সংবাদমেলৰ আয়োজন কৰি ম’হ ছিণ্ডিকেট সন্দৰ্ভত নিশ্চুপ হৈ থকা চৰকাৰখনক থকা-সৰকা কৰে উপ-সভাপতি জিতুল ডেকাই (AAP on buffalo syndicate in Assam) ৷

buffalo syndicate
ম'হ ছিণ্ডিকেটৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী
author img

By

Published : Apr 21, 2023, 5:38 PM IST

ম'হ ছিণ্ডিকেটৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

গুৱাহাটী, 21 এপ্ৰিল : ৰাজ্যত চলি থকা ম’হ ছিণ্ডকেট সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰে আপ, অসমে । আপ, অসমৰ উপ-সভাপতি জিতুল ডেকাই সংবাদ মেলত ম'হৰ সৰবৰাহ তথা ছিণ্ডিকেট সম্পৰ্কত কেতবোৰ অভিযোগ উত্থাপন কৰে । তেওঁ সংবাদমেলত তথ্য দাঙি ধৰি কয় যে Assam Cattle Preservation ( Amendment) Act, 2021 বলবৎ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে হাজাৰ হাজাৰ ম’হ বাংলাদেশলৈ চোৰাংভাৱে চালান দি থকা হৈছে ।

জিতুল ডেকাই কয়, গো-সুৰক্ষা আইন বলৱৎ হোৱাৰ পিছৰে পৰা বিভিন্ন প্ৰতিষ্ঠান ,ফাৰ্মৰ নামত ছিণ্ডিকেট চক্ৰই অসমলৈ ম’হৰ সৰবৰাহ কৰি ম'হবোৰ বাংলাদেশলৈ চালান দিছে । বৈধ নথি-পত্ৰ প্ৰস্তুত কৰি এই চক্ৰটোৱে অসমৰ বিভিন্ন জিলালৈ কৃষিকাৰ্য কৰা, দুগ্ধ উৎপাদন বা ফাৰ্ম খোলাৰ নামত বহিঃৰাজ্যৰ পৰা অসমলৈ ট্ৰাক আৰু ৰে’লযোগে ম’হ সৰবৰাহত নামি পৰিছে । কিন্তু অসমলৈ সৰবৰাহ কৰা এই ম’হবোৰ প্ৰকৃততে অসমত আছেনে বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয়, ‘‘যদি আছে এই ম’হবোৰ কি কাৰ্যত ব্যৱহাৰ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা নাই অসম চৰকাৰৰ’’ (AAP on buffalo syndicate in Assam) ।

জিতুল ডেকাই চৰকাৰী পক্ষলৈ আঙুলিয়াই কয় যে সহজ ভাষাত ক’বলৈ গ'লে এয়াও ম’হ ছিণ্ডিকেটৰ এটা অংশ । অসমত প্ৰৱেশ কৰোৱাৰ পিছত ম'হবোৰ যে বাংলাদেশলৈ চালান দিয়া হয়, সেয়া চৰকাৰী পক্ষই জানে । গতিকে ম'হৰ জাকবোৰ অসমৰ চাৰিসীমাত প্ৰৱেশ কৰোৱাৰ পিছত মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ পথ মোকলাই দিয়া হয় । বাংলাদেশলৈ চালান দিবলৈ অনাৰ বাবে ম'হ সৰবৰাহ কৰা চক্ৰটোৱে শ্ৰীৰামপুৰত ছিণ্ডিকেট চক্ৰক ৪-৪.৫ লাখকৈ টকা আদায় দি আছে । এই সকলো অভিযোগ তুলি ধৰি আপ, অসমৰ উপ-সভাপতিগৰাকীয়ে লগতে কয় যে অসমত গো-সুৰক্ষা আইন আছে, তাৰ বাবে গো বধ আৰু সৰবৰাহ বন্ধ আছে । গৰু যি দৰে জীৱ, ম'হবোৰো জীৱ । অথচ গৰুৰ সুৰক্ষা আছে, কিন্তু ম'হৰ সুৰক্ষা নাই, এইটো কেনে কথা (Buffalo syndicate in Assam) ?

জিতুল ডেকাই উল্লেখ কৰে যে, "মুখ্যমন্ত্ৰীয়ে কৈছে ম’হ অনাত বাধা নাই । ছিণ্ডিকেটত তেওঁ নজৰো দিয়া নাই । এই কথাই ম’হৰ চোৰাং ব্যৱসায় কৰা, ছিণ্ডিকেট চলোৱাসকলক উৎসাহিতহে কৰিছে । তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ সন্দৰ্ভত তদন্তহে দিব লাগিছিল । ইতিমধ্যেই হাগ্ৰামা মহিলাৰীয়ে ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা ব্যক্তিৰ নাম সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । এজন জন প্ৰতিনিধিয়ে স্পষ্টকৈ এনে অভিযোগ অনাৰ পাছতো কিয় আজিলৈকে কোনো তদন্ত দিয়া হোৱা নাই ? যিখন চৰকাৰে সাধাৰণ এটা ফে'চবুক পোষ্টৰ ওপৰত ভিত্তি কৰি গোচৰ ল'ব পাৰে, সেইখন চৰকাৰে ইমান ডাঙৰ অভিযোগ অনাৰ পাছতো কিয় এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই" (Buffalo syndicate) !

সততে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে মিছা অভিযোগত চি বি আইৰ তদন্ত দিয়া বিজেপি চৰকাৰে এই ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব চি বি আইক নিদিয়ে কিয় ? দুৰ্নীতিৰ কথা শুনিলে মুখ্যমন্ত্ৰীয়ে নিজে ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাইছিল । এতিয়া ৰাজহুৱাকৈ ম'হ ছিণ্ডিকেটৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মুখ্যমন্ত্ৰী কিয় নীৰৱে আছে বুলি সংবাদ মেলত জিতুল ডেকাই প্ৰশ্ন উত্থাপন কৰে । আজিৰ এই সংবাদ মেলত আপৰ উপ-সভাপতি কমল কুমাৰ মেধি আৰু ৰাজ্যিক মেডিয়া সমন্বয়ক জয়ন্ত কলিতাও উপস্থিত আছিল ।

লগতে পঢ়ক : Road Accident: কয়িলাবৰত পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.