ETV Bharat / state

সংৰক্ষণ ব্যৱস্থাৰে MBBS পাঠ্যক্ৰমত ছিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে; আপৰ দাবী

author img

By

Published : Jun 19, 2023, 6:37 PM IST

অসম চৰকাৰে MRI ৰ বাবে MBBS পাঠ্যক্ৰমৰ নামভৰ্তিৰ ক্ষেত্ৰত 10 শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যৰ বিৰোধিতা কৰিছে আপ অসমে ৷ এই প্ৰক্ৰিয়াৰ দ্বাৰা ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ ৷

Assam cabinet decision on reservation for NRIs

আপৰ সংবাদমেল

গুৱাহাটী, 19 জুন: শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ MBBS পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে । এই ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ লগতে নামভৰ্তিৰ নামত পুনৰ এক ছিণ্ডিকেটৰাজ চলিব বুলি অভিযোগ কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰে ৷

ডাঃ চৌধুৰীয়ে কয় যে, চিকিৎসা সেৱা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে প্ৰকাশ কৰা অনুসৰি এই সংৰক্ষণৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এটা সম্পূৰ্ণ পাঠ্যক্ৰমৰ NRI ৰ বাবে সংৰক্ষিত ১২৫ খন আসনৰ পৰা ১০৬ কোটি ৩৪ লাখ ৩৭ হাজাৰ ৫০০ টকা আহিব । কিন্তু এই টকাৰ লেনদেন চৰকাৰী বিধি মতে হোৱাৰ কোনো নিশ্চয়তা নাই ।

অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখনত কিছু বছৰৰ আগলৈকে NRI ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছিল । সেই আসনসমূহ পূৰণৰ সময়ত প্ৰতিখন আসন তেতিয়াই ১ কোটি ২০ লাখ টকাত বিক্ৰী হোৱাৰ অভিযোগ আছে । ইয়াৰ জৰিয়তে ৰাজকোষলৈ যি পৰিমাণৰ ধন আহে, তাতোকৈ বহু বেছি পৰিমাণৰ ধন ভেটি দিয়া-লোৱাত ব্যয় কৰা হয় । এন পৰিস্থিতিত অসম চৰকাৰে অসমত প্ৰবাসী ভাৰতীয়ৰ সংৰক্ষণ ব্যৱস্থাটো বন্ধ কৰিছিল । আকৌ কি পৰিস্থিতিত এবাৰ বন্ধ কৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত ল'লে, সেয়া উদ্বেগৰ বিষয় ।

তেওঁ আৰু কয় যে,NRI ৰ আইৰ সংৰক্ষিত আসনত কোনো এন আৰ আইৰ সন্তান সাধাৰণতে পঢ়িবলৈ নাহে । আমেৰিকাৰ লগতে আন কেতবোৰ দেশত ভাৰতৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ স্বীকৃতিও নাই । এনে প্ৰেক্ষাপটত কোনো NRI ৰ অনুমোদিত ভাৰততে জন্ম হোৱা আৰু শিক্ষা লাভ কৰা শিক্ষাৰ্থীকে এই আসনত ডলাৰৰ বিনিময়ত নামভৰ্তিৰ সুযোগ দিয়া হয় ।

লগতে পঢ়ক: press Meet of TMC at Guwahati: NRI ৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ

তেওঁ উদাহৰণ দি কয় যে, কোনো ৰাজনৈতিক নেতা বা বিষয়াৰ সন্তানে 'NEET'ত কম নম্বৰ পাই যোগ্যতা লাভ কৰি যেতিয়া নামভৰ্তি কৰিবলৈ সুবিধা নাপাব, তেতিয়া কোনো NRIৰ জৰিয়তে এই সংৰক্ষিত আসনত ৰাজনৈতিক নেতাজনৰ সন্তানে MBBS পঢ়াৰ সুবিধা পাব । গতিকে অসম চৰকাৰৰ এই সংৰক্ষণৰ জৰিয়তে শৈক্ষিক জগতত আন এক ছিণ্ডিকেটৰাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে । যি ব্যৱস্থা মধ্য প্ৰদেশৰ কুখ্যাত 'ব্যাপম' কেলেংকাৰীসদৃশ ৰূপ ল'বগৈ বুলি সকীয়াই দিয়ে আপে ।

আম আদমি পাৰ্টীয়ে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অভিযোগ কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয় । তেওঁ কয় যে, যি সময়ত এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে, সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত দহ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্চ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ।

উল্লেখ্য যে, অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে । মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮ খন আসন NRIৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাচত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে । যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰিছে । সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু সহঃ সাংগঠনিক সম্পাদক দিপাংকৰ কলিতাও উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.