গুৱাহাটী,৪ জুলাই: আমৰ পৰিপুষ্টি আৰু গুণাগুণ সন্দৰ্ভত শিশুসকলৰ মাজত সজাগতা সৃষ্টি আৰু শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াটোক বিৰক্তিৰ পৰিৱৰ্তে অধিক আমোদদায়ক কৰি তোলাৰ উদ্দেশ্যে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত মঙলবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন বস্তি এলেকা আৰু পদপথত বাস কৰা শিশুসকলৰ মাজত "আম মহোৎসৱ" উদযাপন কৰা হয় । সংস্থাৰ দ্বাৰা ৰূপায়িত 'স্কুল ৱাপচি' কাৰ্যসূচীৰ অংশ হিচাপে কেয়াৰ ইউ ৩৬৫ ৰ বোন্দাত থকা প্ৰস্তাৱিত শিশু আশ্ৰয় গৃহ 'জীৱনালয়'ত থকা শিশুসকলৰ মাজত আম বিতৰণ, আমৰ গুণাগুণ সন্দৰ্ভত ব্যাখ্যা আৰু আমৰ ছবি আঁকি তথা খেলা-ধুলাৰ মাধ্যমেৰে সংস্থাৰ স্বেচ্ছাসেৱীসকলে আম মহোৎসৱ আৰম্ভ কৰে ।

ইয়াৰ পিছতেই তেওঁলোকে 'স্কুল ৱাপচি' কাৰ্যসূচীৰ অংশৰূপে গুৱাহাটীৰ পল্টন বজাৰ, নাৰেঙ্গী, ভঙাগড়, কাৰ্বন গেটকে ধৰি কেইবাটাও বস্তি এলেকা আৰু পদপথত বাস কৰা শিশুসকলৰ মাজত নিয়মীয়া পাঠদানৰ মাজতে আম বিতৰণ কৰে । শিশুসকলক আমৰ ছবি আঁকিবলৈ দিয়া হয় আৰু প্ৰত্যেককে খেলা-ধুলাৰ মাজেৰে পাঠদান কৰা হয় । প্ৰতিটো স্থানতে আমৰ পৰিপুষ্টি সন্দৰ্ভত শিশুসকলক অৱগত কৰোৱা হয় ।

ইয়াৰ উপৰি তেওঁলোকে 'আহাৰ' কাৰ্যসূচীৰ অধীনত বিয়লিৰ ভাগত পদপথৰ গৃহহাৰা লোকসকলৰ মাজত নিয়মীয়া খাদ্য যোগানৰ লগতে আম বিতৰণ কৰে । উল্লেখযোগ্য যে, সংস্থাৰ উদ্যোগত 'স্কুল ৱাপচি' অভিযানৰ অধীনত কেইবাটাও অস্থায়ী কেন্দ্ৰ স্থাপন কৰি গুৱাহাটী মহানগৰীৰ বস্তি এলেকা আৰু পদপথত বাস কৰা বিদ্যালয় আধাতে এৰা বা বিদ্যালয়লৈ নোযোৱা শিশুসকলক পুনৰ বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বাবে বিৰক্তিৰ পৰিৱৰ্তে আমোদদায়কভাৱে শিক্ষাদানৰ এক কাৰ্যসূচী ৰূপায়ন কৰি অহা হৈছে ।
ইয়াৰ উপৰি সংস্থাৰ 'আহাৰ' কাৰ্যসূচীৰ অধীনত যোৱা ৮০০ দিন ধৰি বিৰতিবিহীনভাৱে গুৱাহাটীৰ পদপথৰ ২ শতাধিক বাসিন্দাক দৈনিক নিশাৰ আহাৰ যোগান ধৰি অহা হৈছে । দুয়োটা কাৰ্যসূচীতে ৰাউণ্ড টেবুল ইণ্ডিয়া আৰু লেডিছ চাৰ্কোল ইণ্ডিয়াই সহযোগিতা আগবঢ়াই ।
লগতে পঢ়ক: BPF Protest : ওদালগুৰি সমষ্টিৰ দাবীত BPF ৰ ধৰ্ণা কাৰ্যসূচী