ETV Bharat / state

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন

author img

By

Published : Sep 8, 2020, 8:46 AM IST

চিৰ যুগমীয়া ঢৌ তুলি ঢৌ তুলি চিন নতুন পানচৈ উটি যায় ! আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন ৷ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সুধাগৰাকীৰ সোঁৱৰণত বিভিন্ন কাৰ্যসূচী ৷

Bhupen hazarika's birthday
Bhupen hazarika's birthday

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ : সুৰ, সংগীত আৰু মহান ব্যক্তিত্বৰে অসমীয়া সমাজ জীৱনক প্ৰতি নিয়ত উদ্বুদ্ধ কৰি ৰখা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি জন্মদিন ৷ 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল এইগৰাকী মহান শিল্পীৰ ৷ তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তি প্ৰিয়া হাজৰিকা ৷ পৰিয়ালৰ দহোটি সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা ৷ সংস্কৃতিবান পৰিয়ালটোৰ ভাতৃ-ভগ্নীসকলৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সুদক্ষিণা শৰ্মা, সমৰ হাজৰিকাকে ধৰি প্ৰতিগৰাকীৰেই আছে অসমৰ সংগীত জগতত এক সুকীয়া পৰিচয় ৷

সুধাকণ্ঠগৰাকীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত ৷ গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি সোণাৰাম হাইস্কুলত গ্ৰহণ কৰিছিল হাইস্কুলীয়া শিক্ষা ৷ 1940 চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় সুধাকণ্ঠ ৷ পৰৱৰ্তী সময়ত 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত উত্তীৰ্ণ হৈ ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে 1944 চনত ৰাজনীতি বিজ্ঞানত স্নাতক আৰু 1946 চনত লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী ৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা Role of Mass Communication in India's Adult Education বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ড৹ ভূপেন হাজৰিকাই ৷

সংগীতৰ ক্ষেত্ৰখনত বাল্যকালৰ পৰাই জড়িত হৈ পৰিছিল সুধাকণ্ঠ হাজৰিকা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যৰে আগবাঢ়িছিল তেখেতৰ সাংস্কৃতিক যাত্ৰা ৷ এইদুগৰাকী মণিষীয়েই প্ৰথমে কলিকতালৈ নি শিশু ভূপেনৰ কণ্ঠত গীত বাণীবদ্ধ কৰোৱাইছিল ৷ তাৰ পাচত আৰু থমকি ৰোৱা নাছিল ভূপেন হাজৰিকা ৷ গীত ৰচি, সুৰ দি কণ্ঠদান কৰালৈকে নিপুন হৈ পৰিছিল অসম গৌৰৱ ভূপেন হাজৰিকা ৷ এইগৰাকী মহান শিল্পীৰ গীতত পোৱা গৈছিল অসম মাতৃৰ কেঁচা মাটিৰ গোন্ধ ৷ কৃষকৰ ঘামৰ টোপাল, ছহিদৰ কেঁচা তেজৰ চেকুৰা যেন ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰিছিল শিল্পী গৰাকীয়ে ৷ সেয়ে তেখেতৰ কলম আৰু কণ্ঠৰে নিগৰিছিল অ’ মোৰ ধৰিত্ৰী আই, শ্বহীদ প্ৰণামো তোমাক, কত জোৱানৰ মৃত্যু হ’ল আদিৰ দৰে কালজয়ী গীত ৷

কেৱল অসমৰ সংগীত জগততে যে তেখেত সীমাবদ্ধ আছিল তেনে নহয় ৷ বাংলা, হিন্দী আদি কেইবাটাও ভাষাত গীত লিখি, গীত গাই দেশৰ সংগীত ক্ষেত্ৰখনতেই সুধাকণ্ঠই দখল কৰিছিল এক সুকীয়া স্থান ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো জনপ্ৰিয় এইগৰাকী কণ্ঠশিল্পী ৷ সেয়ে বাংলাদেশ চৰকাৰে সুধাকণ্ঠগৰাকীৰ মৃত্যুৰ সময়ত প্ৰদান কৰিছিল দেশৰ সৰ্বোচ্চ মুক্তিযুঁজাৰু সন্মান ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী পল ৰ’বচনৰ দ্বাৰা বাৰুকৈয়ে অনুপ্ৰাণিত হৈছিল সুধাকণ্ঠ ৷ ৰ’বচনৰ বিখ্যাৎ Old Man River গীতটিৰ অৱলম্বনতে সুধাকণ্ঠই লিখিছিল আমি একেখন নাৱৰে যাত্ৰী শীৰ্ষক গীতটি ৷

কেৱল সংগীতেই নহয়, বোলছবি নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰটো অনবদ্য অৱদান আছিল সুধাকণ্ঠৰ ৷ এৰাবাটৰ সুৰ, চামেলি মেম চাহাব, লটি-ঘটি, শকুন্তলা, প্ৰতিধ্বনি, চিকমিক বিজুলী আদি বহুকেইখন বোলছবি নিৰ্মাণ কৰিছিল ভূপেন হাজৰিকাই ৷ চামেলি মেম চাহাব ছবিৰ সংগীত পৰিচালনাৰ বাবে বৰ্ষশ্ৰেষ্ঠ সংগীত শিল্পী আৰু ৰজত কমল বঁটা লাভ কৰিছিল ড৹ ভূপেন হাজৰিকাই ৷ সুধাকণ্ঠৰ নিৰ্মিত অধিক সংখ্যক ছবিয়েই ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম বুটলিবলৈ সক্ষম হৈছিল ৷

শেহতীয়াকৈ ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে বিভূষিত কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাই জীৱন কালত অৰ্জন কৰিছিল বহু খ্যাতি ৷ 1977 ত পদ্মশ্ৰী , 1987 ত শংকৰদেৱ বঁটা, 2001 ৰ একেটা বৰ্ষতে পদ্মভূষণ আৰু সাহিত্য অকাডেমী, 2008 ত সাহিত্যচাৰ্য সন্মান, 2009 ত অসমৰত্ন আৰু 2012 ত মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান লাভ কৰে ৷ আনহাতে 2019 ত ভাৰতৰত্ন সন্মানেৰে মৰণোত্তৰভাৱে বিভূষিত কৰা হয় ড৹ ভূপেন হাজৰিকাক ৷

অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল সুধাকণ্ঠই ৷ 1993 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 69 তম্ অধিবেশনত সভাপতিত্ব কৰিছিল ড৹ ভূপেন হাজৰিকাই ৷ ৰাজনীতিৰ ক্ষেত্ৰখনতো সুধাকণ্ঠই পাইছিল সফলতা ৷ তেখেত 1967 ৰ পৰা 1972 চনলৈ অসম বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল নাওবৈচা সমষ্টিৰ পৰা ৷ 2011 চনৰ 5 নবেম্বৰত বৃক্ক আৰু বহুকেইটা সমস্যাত ভোগা অসম গৌৰৱ সুধাকণ্ঠ ভূপেন হাজৰিকাই অৱশেষত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ অসমীয়া সংস্কৃতি আৰু সমাজ জীৱনলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই গীত-বোলছবিৰ জৰিয়তে দি গ’ল এক মেটমৰা সম্ভাৰ ৷ আজি 94 সংখ্য়ক জন্ম দিৱসত এইগৰাকী মহান শিল্পীক ইটিভি ভাৰতৰ তৰফৰ পৰাও জ্ঞাপন কৰিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়ক : কেনে অৱস্থাত আছে ৰাজ্যৰ ৰেকৰ্ডি ষ্টুডিঅ'সমূহ, এক বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.