গুৱাহাটী, 28 মাৰ্চ : অসম চৰকাৰৰ চৰম অ- অমনোযোগিতাৰ বাবে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ভুৱা ফাৰ্মাচিষ্টৰ দপদপনি আৰু এই কাৰ্যত সাৰপানী যোগোৱাৰ অভিযোগ উত্থাপিত হৈছে অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ একাংশ নেতৃবৃন্দৰ বিৰুদ্ধে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ইউনিয়ন চমুকৈ আৰপোৰ মুখ্য উপদেষ্টা ডাঃ কামাল হাছানে । অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ অধীনত ৰাজ্যত 1190 গৰাকী ভুৱা ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত হৈ থকাৰ কথা উল্লেখ কৰি ডাঃ কামাল হাছানে আজি নাৰেংগীত এখন সংবাদমেলৰ আয়োজন কৰে (Complaint against Assam Pharmacists Council) ৷
অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ বিৰুদ্ধে কেতবোৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ডাঃ হাছানে । সংবাদমেলযোগে হাছানে কয় যে, চৰকাৰক অন্ধকাৰত ৰাখি অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ একাংশ নেতৃত্বই ধনৰ বিনিময়ত যোগান ধৰে ভুৱা চাৰ্টিফিকেট । ভুৱা ফাৰ্মাচিষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ নেতৃত্বই অৰিহণা যোগোৱাৰ অভিযোগ তুলি তেওঁ কয় যে, ৰাজ্যত 20,461 খন বৈধ ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত হৈ থকাৰ বিপৰীতে ৰাজ্যত 2015 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় 1190 খন ভুৱা ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত হৈ আছে । লক্ষণীয় কথা এই যে 2010 চনৰ পৰা চৰকাৰে এই ভুৱা ফাৰ্মাচিষ্টৰ চাৰ্টিফিকেট বাতিল কৰা নাই (Assam Registered Pharmacists Union press meet) ।
অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ একাংশ নেতৃত্বৰ সম্পূৰ্ণ মইমতালি তথা ধনৰ লেনদেনৰ বাবে ৰাজ্যত ভুৱা ফাৰ্মাচিষ্টৰ সংখ্যা বৃদ্ধি হোৱাৰ অভিযোগ তোলে ডাঃ কামাল হাছানে । এইক্ষেত্ৰত GAP Certificate প্ৰদানৰ নামত নামত ছাত্ৰ ছাত্ৰীৰ পৰা অসম ফাৰ্মাচিষ্ট কাউন্সিলে অবাধে ধন সংগ্ৰহৰ অভিযোগ তুলি সমগ্র বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তোলে । ইফালে যোৱা 24 মাৰ্চৰ দিনা অসম ফাৰ্মাচী পৰিষদৰ তৰফৰ পৰা ফাৰ্মাচী ভৱনত আয়োজন কৰা সংবাদ মেলত অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ইউনিয়নৰ মুখ্য উপদেষ্টা ডাঃ কামাল হাছানৰ বিৰুদ্ধে অনা সকলো অভিযোগ ভিত্তিহীন আৰু মনে সজা বুলি কয় তেওঁ (Press meet by Assam Registered Pharmacists Union) ।
আজিৰ সংবাদমেল যোগে অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ইউনিয়নৰ হৈ মুখ্য উপদেষ্টা কামাল হাছানে তেওঁৰ বিৰুদ্ধে ফাৰ্মাচিষ্ট চাৰ্টিফিকেটৰ প্ৰমাণ পত্ৰ ভুৱা বুলি অনা সকলো অভিযোগ প্ৰমাণ সহ খণ্ডন কৰিছে । তেওঁ লগতে মধ্য প্ৰদেশৰ উচ্চ ন্যায়ালয়ে এই প্ৰমাণ পত্ৰক মান্যতা প্ৰদান কৰিছে বুলিও আজিৰ সংবাদ মেলত উল্লেখ কৰে । অসম ফাৰ্মাচী পৰিষদৰ বিৰুদ্ধে ইতিমধ্যে ন্যায়ালয়ত গোচৰ দাখিল কৰা বুলিও সদৰি কৰে অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে (Fake pharmacists in Assam)।
লগতে পঢ়ক : Teachers protest at Guwahati : পদ প্ৰাদেশিকীকৰণৰ দাবীত পুনৰ ৰাজপথত শিক্ষক সমাজ