ETV Bharat / state

দৃষ্টিহীন শিক্ষকসকলক চৰকাৰৰ আৱৰ্জনা নেকি! - etv bharat

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী সুৰক্ষা সংস্থা ৷

দৃষ্টিহীন শিক্ষকসকল চৰকাৰৰ আৱৰ্জনা নেকি!
author img

By

Published : Jul 19, 2019, 11:23 PM IST

গুৱাহাটী, 19 জুলাইঃ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম নামৰ সংগঠনটোৱে ৷ সংবাদমেলত শিক্ষামন্ত্ৰীক সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমালোচনা সংগঠনটোৰ ৷

শিক্ষামন্ত্ৰীলৈ সংগঠনটোৰ প্ৰশ্নঃ

  • দৃষ্টিহীন হোৱাৰ বাবেই উচ্চ শিক্ষাৰ পৰা তেওঁলোক বঞ্চিত হব নেকি !
  • নে চৰকাৰৰ আৱৰ্জনা তেওঁ লোক ?

উল্লেখ্য যে, গুৱাহাটীৰ লটাকটাস্থিত দৃষ্টিহীন বিদ্যালয়খনক সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক, কৰ্মচাৰীৰ নিযুক্তিৰ ব্যৱস্থা শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হব বুলি সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল কিন্তু মন্ত্ৰী ব্ৰহ্মৰ এই পদক্ষেপক পোনছাটেই নাকচ কৰি এই দায়িত্বসমূহ বিভাগটোৱে নলয় বুলি স্পষ্ট কৰি দিয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যই । লগতে নিযুক্তি পাবলগীয়া শিক্ষকসকলে অদূৰ ভৱিষ্যতে বিভাগটোৰ ওচৰত নিয়মীয়াকৰনৰ দাবীও উত্থাপন কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ শিক্ষা মন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে জাঙুৰ খাই উঠিছে সংগঠনটো ‌৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷

Intro:শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশৰ বিৰুদ্ধে গৰজি উঠিল প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম নামৰ সংগঠনটো ।

Body:শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল পাতি শিক্ষামন্ত্ৰী গৰাকীক তুলা ধূনা দিয়ে সংগঠনটোৰ নেতৃত্ব ই । তেওঁ লোকৰ শিক্ষা মন্ত্ৰীলৈ প্ৰশ্ন দৃষ্টিহীন হোৱাৰ বাবেই উচ্চ শিক্ষাৰ পৰা তেওঁ লোক বঞ্চিত হব নেকি ? নে চৰকাৰৰ আৱৰ্জনা তেওঁ লোক ??উল্লেখ্য যে গুৱাহাটীৰ লটাকটাস্থিত দৃষ্টিহীন বিদ্যালয় খনক সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ই উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰাৰ প্ৰদক্ষেপ হাতত লৈছিল । সমান্তৰালভাৱে বিদ্যালয় খনত প্ৰয়োজনীয় শিক্ষক, কৰ্মচাৰীৰ নিযুক্তিৰ ব্যৱস্থা শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হব বুলি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । কিন্তু মন্ত্ৰী ব্ৰহ্মৰ এই পদক্ষেপক পোনছাটেই নাকচ কৰি এই সমূহ দায়িত্ব বিভাগটোৱে নলয় বুলি স্পষ্ট কৰি দিয়ে । লগতে নিযুক্তি পাবলগীয়া শিক্ষক সকলে অদূৰ ভৱিষ্যতে বিভাগটোৰ ওচৰত নিয়মীয়াকৰনৰ দাবী তুলিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে । শিক্ষা মন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে জাঙুৰ খাই উঠিছে সংগঠনটো ‌।তেওঁ লোকৰ স্পষ্ট কথা প্ৰতিবন্ধী সকলৰ বাবে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰক বিদ্যালয় খন উন্নীত কৰি ।এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা ই ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.