ETV Bharat / state

সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰীঃ মমিনুল আৱাল - কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাচ

সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী ৷ শেহতীয়াকৈ CID এ ২১গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰি মমিনুল আৱালে এই সমগ্ৰ কেলেংকাৰীত তিনি-চাৰি হাজাৰ লোক জড়িত আছে বুলি সংবাদমেলত অভিযোগ কৰে ৷

A horrific scandal has erupted in the name of minority student scholarships
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰীঃমমিনুল আৱাল
author img

By

Published : Nov 11, 2020, 7:06 PM IST

গুৱাহাটী, 11 নৱেম্বৰঃসংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী ৷ এই গুৰুতৰ অভিযোগ অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ ৷ বুধবাৰে এক সংবাদমেল যোগে মমিনুল আৱালে কয় যে,সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভুৱা ছাত্ৰ সৃষ্টি কৰি ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ টকাৰ ধন হৰলুকি কৰিছে বৃহৎ চক্ৰটোৱে ৷ ইমানেই নহয় এই কাণ্ডত শিক্ষক, বেংক বিষয়াও জড়িত হৈ আছে বুলি অভিযোগ তোলে আৱালে ৷

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰীঃমমিনুল আৱাল

তদুপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাচক সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত কৰোৱাৰ পিছতে 8 নৱেম্বৰৰ পৰা চিবিআইয়ে অসম,পঞ্জাৱ, ঝাৰখণ্ড,বিহাৰ এই চাৰিখন ৰাজ্যত তদন্ত আৰম্ভ কৰিছে বুলি সংবাদমেলযোগে উল্লেখ কৰে সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে ৷

আনহাতে, তদন্ত কৰিবলৈ দিয়া নিৰ্দেশৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায় অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ গৰাকীয়ে ৷ ইয়াৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল স্থিতি অটুত আছে বুলিও সংবাদমেলত মন্তব্য কৰে ৷ শেহতীয়াকৈ CID এ ২১গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰি মমিনুল আৱালে এই সমগ্ৰ কেলেংকাৰীত তিনি-চাৰি হাজাৰ লোক জড়িত আছে বুলি সংবাদমেলত অভিযোগ কৰে ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.