ETV Bharat / state

Air pollution in Guwahati: প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য সচিবৰ নেতৃত্বত গঠন হ’ব উচ্চ পৰ্যায়ৰ কমিটী - গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণক লৈ কঠোৰ হৈছে সেউজ ন্যায়াধিকৰণ (Pollution in Guwahati) ৷ মহানগৰীৰ বায়ু প্ৰদূষণক লৈ গুৰুত্বপূৰ্ণ ৰায় সেউজ ন্যায়াধিকৰণৰ । মহানগৰীত চলি থকা নিৰ্মাণকাৰ্যই সৃষ্টি কৰা প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য সচিবৰ নেতৃত্বত গঠন হ’ব এখনি উচ্চ পৰ্যায়ৰ কমিটী ৷

Green Tribunal ruled on air pollution in Guwahati
বায়ু প্ৰদূষণক ৰায় সেউজ ন্যায়াধিকৰণৰ
author img

By

Published : Feb 15, 2023, 10:49 PM IST

বায়ু প্ৰদূষণক ৰায় সেউজ ন্যায়াধিকৰণৰ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: শেহতীয়াকৈ অভাৱনীয় হাৰত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ (Air quality in Guwahati)। ভাসমান ধূলিকণাই প্ৰদূষিত কৰিছে মহানগৰীৰ বায়ুমণ্ডল । বায়ুৰ সূচংকা ক্ৰমাৎ বৃদ্ধিক লৈ শংকিত হৈছে সচেতন নাগৰিকসকল । এইবাৰ বায়ু প্ৰদূষণক লৈ কঠোৰ হৈছে সেউজ ন্যায়াধিকৰণ ৷ মহানগৰীৰ বায়ু প্ৰদূষণক লৈ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে সেউজ ন্যায়াধিকৰণে । মহানগৰীত চলি থকা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সময় সীমা বান্ধি দিলে সেউজ ন্যায়াধিকৰণে । উল্লেখ্য যে, বিগত কেইবাদিন ধৰি মহানগৰীত বৃদ্ধি পাইছিল বায়ু প্ৰদূষণ (Air pollution in Guwahati) ৷ বায়ুৰ গুণমান সূচাংক অতিক্ৰম কৰিছিল বিপদ সীমা ৷ যাক লৈ উদ্বিগ্ন হৈ পৰিছিল চিকিৎসা বিভাগ ৷

মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পোৱা বায়ু প্ৰদূষণক লৈ গুৱাহাটীৰ খাৰঘুলিৰ হিমাংশু নাথ নামৰ এজন সচেতন লোকে ৰুজু কৰিছিল এটা গোচৰ (Green Tribunal ruled on air pollution) ৷ সেই গোচৰৰ ৰায় প্ৰদান কৰি সেউজ ন্যায়াধিকৰণে গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য নগৰৰ ক্ৰমবৰ্ধমান প্ৰদূষণ সন্দৰ্ভত চিন্তা ব্যক্ত কৰে । মহানগৰীত চলি থকা নিৰ্মাণকাৰ্যই সৃষ্টি কৰা প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ নিৰ্দেশ দিছে ।

কমিটীত থাকিব গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত, GMDA চি ই অ, লোকনিৰ্মাণ বিভাগ আয়ুক্ত আৰু সচিব উদ্যোগ আৰু বাণিজ্য বিভাগ আয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক বিষয়া আৰু মুখ্য সচিবে মনোনীত কৰা নগৰৰ বাসিন্দা ৷ আনহাতে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নিৰ্মাণকাৰ্য নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিবলৈ নিৰ্দেশ দিয়ে সেউজ ন্যায়াধিকৰণে (Green Tribunal ruled on air pollution in Guwahati)।

গুৱাহাটীত চলি থকা উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য, ৰাষ্ট্ৰীয় ঘাইপথৰ ছয়লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ বিষয়েও আবেদনত উল্লেখ কৰা হৈছে । ১০ মাহৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে সেউজ ন্যায়াধিকৰণে । অৰ্থাৎ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ছয়লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ কাম ।

আনহাতে, মহানগৰীৰ ৰাজপথত চলি থকা পেট্ৰ’ল আৰু ডিজেল চালিত যান-বাহনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল গোচৰটোত ৷ মহানগৰীত বৰ্তমান চলি আছে প্ৰায় ১২ লাখৰো অধিক বাহন । তাৰ ৩০ শতাংশৰ হে আছে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণ পত্ৰ । অৰ্থাৎ বাকী 70 শতাংশৰ নাই প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰ ৷ এই ক্ষেত্ৰত পৰিবহণ বিভাগৰ এনফৰ্চমেণ্টৰ কৰিবলগীয়া কাম আছে বুলি মন্তব্য কৰে অধিবক্তা বিক্ৰম ৰাজখোৱাই ৷

লগতে পঢ়ক: Air pollution in Guwahati: বায়ু প্ৰদূষণ ৰোধৰ বাবে কি পৰামৰ্শ দিলে পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.