ETV Bharat / state

বাংগালুৰুত অসমৰ 30 যুৱকৰ হাহাকাৰ অৱস্থা - A groupr of Assamese boy blocked at Bengaluru

বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোক সকলৰ সহায় বাবে ৰাজ্য চৰকাৰে বাছৰ ব্যবস্থা কৰাৰ লগতে কেন্দ্ৰ চৰকাৰে বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে যদিও এইসমুহ সুবিধাৰ পৰাও বঞ্চিত হ'ব লগীয়া হৈছে বহু যুৱক ৷

A groupr of Assamese boy blocked at Bengaluru amid Lockdown
বাংগালোৰোত অসমৰ 30 যুৱকৰ হাহাকাৰ অৱস্থা
author img

By

Published : May 18, 2020, 3:46 PM IST

গুৱাহাটী, 18 মে': দেশজুৰি বাহাল থকা লক ডাউন দীঘলীয়া হোৱাৰ বাবে ক্ৰমাৎ অতি শোচনীয় হৈ পৰিছে কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা হাজাৰ হাজৰ যুৱকৰ অৱস্থা ৷ বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোক সকলৰ সহায় বাবে ৰাজ্য চৰকাৰে বাছৰ ব্যবস্থা কৰাৰ লগতে কেন্দ্ৰ চৰকাৰে বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে যদিও এইসমুহ সুবিধাৰ পৰাও বঞ্চিত হ'ব লগীয়া হৈছে বহু যুৱক ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে কৰ্ণাটকৰ বাংগালুৰুত আৱদ্ধ হৈ থকা অসমৰ 30 জন যুৱকৰ এনে এক কৰুণ অৱস্থা ৷

বাংগালোৰোত অসমৰ 30 যুৱকৰ হাহাকাৰ অৱস্থা

উল্লেখ্য যে, বাংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত আছিল এই 30 জনীয়া যুৱকৰ দলটো ৷ কিন্তু লক ডাউনৰ বাবে কোম্পানীটো বন্ধ হৈ পৰাত বৰ্তমান তীব্ৰ সংকটৰ লগতে বহু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে যুৱকৰ দলটোৱে ৷ এক ভিডিঅ'ৰ যোগে যুৱক সকলে জনোৱা অনুসৰি খাদ্য সমস্যাৰ লগতে আশ্ৰয়হীন হৈ পৰা যুৱক সকলে কৰ্ণাটক চৰকাৰৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ সাহায্য ৷ আনহাতে অসম চৰকাৰে আগবঢ়োৱা কোনো সুবিধা লাভ নকৰাৰ কথা জনাইছে যুৱকৰ দলটোৱে ৷ উপায়ন্তৰ হোৱা যুৱকৰ দলটোৱে এতিয়া অসম চৰকাৰৰ পৰা সহায় বিচাৰি কাতৰ আহ্বান জনোৱাৰ লগতে তেঁওলোকক অসমলৈ ঘূৰাই আনিবৰ বাবে অসম চৰকাৰলৈ জনাইছে কাতৰ আহ্বান ৷ ইয়াৰ ওপৰিও কংগ্ৰেছ দল তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো সহায়ৰ বাবে অনুৰোধ জনাইছে দলটোৱে ৷ ইতিমধ্যে বিৰোধী দলপতি গৰাকীয়ে যুৱকৰ দলটোক উদ্ধাৰ কৰাৰ বাবে চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ যোৰহাটত পুনৰ দুজনৰ দেহত ধৰা পৰিছে কোভিড ১৯ ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.