ETV Bharat / state

হায়দৰাবাদত আৱদ্ধ অসমৰ 20 যুৱকঃ চৰকাৰলৈ সহায়ৰ আহ্বান

ৰেলেৰে অসম যাবৰ বাবে অনলাইন আবেদন কৰাৰ পিছতে বাতিল কৰা হৈছে ৰেল সেৱা । যাৰ বাবে দিশহাৰা হৈ পৰিছে যুৱক কেইজন ৷ উপায়হীন হৈ বৰ্তমান হায়দৰাবাদৰ এখন আৰক্ষী চকীৰ সন্মুখত প্ৰশাসনৰ সহায়ৰ বাবে বাট চাই আছে যুৱক কেইজনে ৷

A group boys stuck at Hyderabad amid lockdown: requesting for help
হায়দৰাবাদত আৱদ্ধ অসমৰ 20 যুৱকঃ চৰকাৰলৈ সহায়ৰ আহ্বান
author img

By

Published : May 31, 2020, 3:56 PM IST

গুৱাহাটী, 31 মে': কৰ'ণা সন্ত্ৰাসৰ বাবে দেশজুৰি বলৱৎ হোৱা লকডাউনৰ বাবে বৰ্তমানেও বহিঃৰাজ্যত আৱদ্ধ হৈ আছে বহু লোক ৷ ৰাজ্য চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকক আনিবলৈ ব্যৱস্থা কৰি আছে যদিও তাৰে মাজত আৰ্থিক সংকট আৰু বিপাঙত পৰিছে বহু লোক। অসমলৈ ঘূৰি আহিবলৈ ৰেল সেৱাৰ লগতে বিমান সেৱা খুলি দিয়া হৈছে যদিও সেই সেৱা সকলোৱে গ্ৰহণ কৰিব পৰা নাই । যাৰ বাবে অসমলৈ ঘূৰি অহাত সহায় কৰিবলৈ অসম চৰকাৰৰ লগতে জুবিন ফেন ক্লাৱক অনুৰোধ জনাইছে হায়দৰাবাদত আৱদ্ধ হৈ থকা 20 জনকৈ যুৱকে ৷

হায়দৰাবাদত আৱদ্ধ অসমৰ 20 যুৱকঃ চৰকাৰলৈ সহায়ৰ আহ্বান

উল্লেখ্য যে, হায়দৰাবাদৰ ভাড়াঘৰত থাকি কাম কৰি আহিছিল লখিমপুৰ জিলাৰ 20 জনীয়া যুৱকৰ দলটোৱে । কিন্তু লকডাউনৰ বাবে ফলত সকলো কাম বন্ধ হৈ যোৱাৰ বাবে বৰ্তমান আৰ্থিক সংকটত পৰিছে যুৱককেইজন ৷ ইয়াৰ মাজতে চাৰি দিন পূৰ্বে ভাড়া ঘৰৰ পৰা ঘৰৰ মালিকে উলিয়াই দিয়াৰ পিছত অসমলৈ ঘূৰি যাবলৈ বাধ্য হৈছে যুৱক কেইজন ৷ কিন্তু ৰেলেৰে অসম যাবৰ বাবে অনলাইন আবেদন কৰাৰ পিছতে বাতিল কৰা হৈছে ৰেল সেৱা । যাৰ বাবে দিশহাৰা হৈ পৰিছে যুৱক কেইজন ৷ উপায়হীন হৈ বৰ্তমান হায়দৰাবাদৰ এখন আৰক্ষী চকীৰ সন্মুখত প্ৰশাসনৰ সহায়ৰ বাবে বাট চাই আছে যদিও বৰ্তমানলৈ কোনো পথ মুকলি নোহোৱাৰ ফলত সমস্যাত পৰিছে এতিয়া যুৱক কেইজন ৷

লগতে পঢ়কঃ কিমান সুৰক্ষিত গ্ৰাহক সেৱা কেন্দ্ৰত জমা ৰখা ধন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.