গুৱাহাটী, ২ নৱেম্বৰ : গুৱাহাটীৰ চন্দ্ৰপুৰৰ ডিগাৰুমুখত নিজ ইচ্ছামতে পাহাৰ খনন চলাইছে একাংশ লোকে । ক্ষমতাশালী নেতা, পুঁজিপতিৰ আশীৰ্বাদপুষ্ট এইসকল লোকে প্ৰশাসনৰ নীতি-নিৰ্দেশনাক কেৰেপ নকৰে । চন্দ্ৰপুৰৰ পাহাৰত য'তেই মন কৰিছে তাতেই অবাধে চলাইছে খনন । দিনে-নিশাই খননকাৰ্য চলিছে ডিগাৰুমুখত । এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত আছে বন বিভাগ ।
আনহাতে, খননকাৰ্য চলি থকা স্থানৰ পৰা মাত্ৰ ২-৩ শ মিটাৰ দূৰত আছে বন বিষয়াৰ কাৰ্যালয়। অঞ্চলবাসীয়ে এই অবৈধ পাহাৰ খননৰ বিষয়ে বাৰম্বাৰ বন বিভাগক অৱগত কৰিছে যদিও কোনো সুফল পোৱা নাই৷ পুঁজিপতিৰ কামত বাধা দিয়াৰ সাহস গোটাব পৰা নাই বন বিভাগৰ একাংশ বিষয়াই। বিভাগটোৰ এনে কাণ্ডক ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।