ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ - প্ৰতিবাদ

আম আদমি পাৰ্টীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ গণেশগুৰি। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ নেতা-কৰ্মীয়ে। কংগ্ৰেছৰ দৰে বি জে পিয়েও সৰ্ব সাধাৰণৰ সমস্যাৰ প্ৰতি আওকাণ কৰাৰ অভিযোগ দলটোৰ।

মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

author img

By

Published : Oct 31, 2020, 3:27 PM IST

Updated : Oct 31, 2020, 3:35 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ: আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল আম আদমি পাৰ্টীৰ নেতা-কৰ্মী। মহানগৰীৰ গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কৰি বি জে পি চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। অসমত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অস্তিত্ব বিচাৰি পাবলৈ নাই বুলি কটাক্ষ কৰে।

মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে কয় যে, আলু, পিয়াঁজ, মিঠাতেল, দাইলৰ লগতে আন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃ্দ্ধি হোৱাৰ ফলত দৰিদ্ৰ ৰাইজে এই সামগ্ৰীসমূহ ক্ৰয় কৰিব নোৱাৰা অৱস্থা হৈছে। বহুত লোকে পিয়াঁজ খাবলৈ বাদ দিবলৈ বাধ্য হৈছে। ইয়াৰ পিছতো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন নিৰ্বিকাৰ হৈ আছে। কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী কৃষি আইন বলবৎ কৰি আলু, পিয়াঁজ, খোৱা তেল, দাইল, চাউল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰপৰা আঁতৰাই দিলে।

সেয়ে এই সামগ্ৰীসমূহৰ দাম তড়িৎ গতিত বৃদ্ধি পাবলৈ ধৰিছে। সামগ্ৰী মজুতকৰণৰ পূৰ্বৰ নিষেধাজ্ঞা বি জে পি চৰকাৰে উঠাই দিয়াত অসাধু ব্যৱসায়ীয়ে উৎসতে সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি দাম বঢ়াই দিব পৰা হোৱাত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে বুলি অভিযোগ কৰি ক্ষোভ উজাৰে দলটোৰ নেতা-কৰ্মীয়ে। অহা ৫ নৱেম্বৰৰ ভিতৰত যদি মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে আম আদমি পাৰ্টীয়ে। আনহাতে, বৰ্দ্ধিত মূল্যই সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক

Last Updated : Oct 31, 2020, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.