গুৱাহাটী, ১২ নৱেম্বৰ: এতিয়ালৈকে সন্ধান ওলোৱা নাই মহানগৰীৰ বিৰুবাৰীৰ ৰুণুমী ভূঞাৰ। পুত্ৰ শ্ৰুতাঞ্জয়ক লগত লৈ বিৰুবাৰী জোনাকপুৰৰ পৰা চানমাৰিত থকা ব্য়ৱসায়িক প্ৰতিষ্ঠানলৈ ওলাই গৈছিল মহিলাগৰাকী। তেতিয়াৰে পৰা নিৰুদ্দিষ্ট হৈ আছে মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰ। আত্মীয়, বন্ধুবৰ্গক খবৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিছে। সম্প্ৰতি বিৰুবাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে৷
মহিলাগৰাকীৰ মোবাইল ফোন বন্ধ হৈ থকা বাবে পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰিছে। পুত্ৰ শ্ৰুতাঞ্জয় ভূঞা অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত আছিল৷ হঠাতে পুত্ৰসহ ৰুনুমী ভূঞা ক'ত অন্তৰ্ধান হ'ল সেই বিষয়ে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো তথ্য় লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ মহিলাগৰাকী কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। মাতৃ-পুত্ৰ সন্ধান উলিয়াব নোৱাৰাত পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়ক:ডুমডুমাৰ কৰ্দৈগুৰিত পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে