ETV Bharat / state

Earthquake review of Assam: বৃহৎ ভূমিকম্পই পুনৰ কঁপাব নেকি অসম; বিশেষজ্ঞই কি কয় ?

author img

By

Published : Feb 24, 2023, 1:55 PM IST

অসমসহ উত্তৰ-পূবত সঘনাই হোৱা ভূমিকম্পই কিহৰ ইংগিত দিছে (Earthquake in Assam) ? বৃহৎ ভূমিকম্পই কঁপাব নেকি অসম ? কিয় সঘনাই হৈ আছে ভূমিকম্প ? কি কয় ভূ-বিজ্ঞানীয়ে । ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট ভূ-বিজ্ঞানী মুন চন্দ্ৰ ডেকা ।

Earthquake review of Assam
বৃহৎ ভূমিকম্পই পুনৰ কঁপাব নেকি অসম; কি কয় বিশেষজ্ঞই !

গুৱাহাটী,24 ফেব্ৰুৱাৰী: অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পন এলেকা হিচাপে চিহ্নিত । উত্তৰ-পূৰ্বাঞ্চল 'seismic zone V' ত আছে । যাৰ পৰিপ্ৰেক্ষিত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভূমিকম্প নতুন কথা নহয় । কিন্তু শেহতীয়াকৈ অসমকে ধৰি উত্তৰ পূবত সঘনাই কেইবাটাও ভূমিকম্প হোৱাত ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে । এটা সপ্তাহত পাঁচটাকৈ মৃদু তথা নিম্ন প্ৰাবল্যৰ ভূমিকম্পই অসম, মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূবৰ কেবাখনো ৰাজ্যক জোকাৰি গৈছে (Earthquake in north east) ।

তুৰস্ক আৰু চিৰিয়াত কিছুদিন পূৰ্বে সংঘটিত ভয়াৱহ ভূমিকম্পৰ পাচত হিমালয়ৰ পাদদেশত অনাগত দিনত পুনৰ সৰু-বৰ ভূমিকম্প আহিব পাৰে বুলি ধাৰণা কৰা হৈছিল । তুৰস্ক আৰু চিৰিয়াৰ ভয়াৱহতাৰ পাছত বৰভূমিকম্পৰ প্ৰসংগটো চৰ্চালৈ আহিছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 12 ফেব্ৰুৱাৰীত ভাৰতীয় মান সময় মতে দুপৰীয়া 12 বাজি 12 মিনিট আৰু 18 চেকেণ্ডত কিছু সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 3.8 কম্পনাংক (Recent earthquakes in Assam) ।

তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ উত্তৰ পূব দিশত 10 কিলোমিটাৰ গভীৰতাত । উল্লেখ্য যে, 17 ফেব্ৰুৱাৰীৰ পুৱাও ৰিখটাৰ স্কেলত 2.9 কম্পনাংকৰ এটা মৃদু প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ধুবুৰী জিলাৰ উত্তৰ-পূব দিশত 10 কিলোমিটাৰ গভীৰতাত । সেইদৰে 16 ফেব্ৰুৱাৰীত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 3.9 কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল চুবুৰীয়া মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ উত্তৰ পূব দিশত 46 কিলোমিটাৰ গভীৰতাত (Earthquake probability in Assam) ।

ইফালে, ১২ ফেব্ৰুৱাৰীৰ বিয়লি অনুভূত হোৱা নিম্ন প্ৰাৱল্যৰ ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 4 কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল অসমৰ নগাঁও জিলাৰ হোজাইৰ উত্তৰ-পূব দিশত 10 কিলোমিটাৰ গভীৰতাত । তদুপৰি 13 ফেব্ৰুৱাৰীৰ দুপৰীয়া অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 3.2 কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল নগাওঁ জিলাৰ হোজাইৰ উত্তৰ-পূব দিশত 10 কিলোমিটাৰ গভীৰতাত ।

অৱশ্যে আটাইকেইটা ভূমিকম্প নিম্ন প্ৰাৱল্যৰ হোৱা বাবে ক’তো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাছিল । সৰু সৰু ভূমিকম্পই কেতিয়াবা ডাঙৰ ডাঙৰ ভূমিকম্পৰ আগজাননী দিয়ে বুলি সাধাৰণতে ধাৰণা কৰা হয় । কিন্তু সকলো ধাৰণা সত্য নহয় । ভূমিকম্পক লৈ সাধাৰণতে মানুহৰ মাজত নানান ধাৰণা দেখিবলৈ পোৱা যায় (Impact of Assam earthquake)।

উল্লেখ্য যে, সঘনাই হোৱা ভূমিকম্পক লৈ ৰাজ্যবাসী শংকিত হোৱাটো স্বাভাৱিক কথা । পুনৰ বৰভূমিকম্পই কঁপাব নেকি অসম ? কিয় সঘনাই হৈ আছে ভূমিকম্প, কিবা আগজাননী দিছে নেকি ? 1950 চনত হোৱা বৰভূমিকম্প পুনৰ হ'ব নেকি (Biggest earthquake in Assam) ? গুৱাহাটী মহানগৰী ভূমিকম্পৰ পৰা কিমান সুৰক্ষিত ? বৰ্ত্তমান পৰিস্থিতিত এনে নানান প্ৰশ্নই উত্থাপন হৈছে । এইক্ষেত্ৰত কি কয় ভূ-বিজ্ঞানীয়ে । সবিশেষ জনাৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা বিশিষ্ট ভূ-বিজ্ঞানী মুন চন্দ্ৰ ডেকাৰ আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল (Geologist Moon Chandra Deka) ।

আছুতীয়া সাক্ষাৎকাৰত তেওঁ শংকাৰ বিপৰীতে সজাগ-সচেতন হোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে । আনহাতে ভূমিকম্পৰ পৰা গুৱাহাটী মহানগৰী কিমান সুৰক্ষিত সেই সম্পৰ্কতো তেওঁ নিজৰ বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ায় । লগতে সঘনাই হোৱা ভূমিকম্পৰ প্ৰভাৱ সম্পৰ্কতো তেওঁ আলোকপাত কৰে । তেওঁ কয় যে, বিগত সময়ত হোৱা ভূমিকম্পৰ অভিজ্ঞতাৰ পৰা এইটো কথা ক'ব পাৰি যে ৰিখটাৰ স্কেলত প্ৰায় 7 কম্পনাংকৰ ভূমিকম্পৰ পৰা গুৱাহাটী মহানগৰী সুৰক্ষিত (Earthquake reason in Assam)।

অৱশ্যে ভূমিকম্পৰ দূৰত্ব আৰু গভীৰতাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব । আনহাতে গুৱাহাটীৰ ভূখণ্ডত অৰ্থাৎ মাটিত যথেষ্ট পৰিমাণে শিলৰ গুৰি থকাৰ বাবে ইয়াৰ শক্তি বহু বেছি । যিটো এটা ইতিবাচক দিশ । অৱশ্যে বৰভূমিকম্প আহিলে কিমান ক্ষয়ক্ষতি হ'ব সেয়া কোৱাটো সম্ভৱ নহয় বুলি তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে, ইতিহাস চালে দেখা যায় যে অসমত 50 বছৰৰ মূৰে মূৰে বৰভূমিকম্প হৈছে । তেনেস্থলত অসমত যে বৰভূমিকম্প নহ’ব সেই কথা নুই কৰিব নোৱাৰি । যিকোনো মূহুৰ্তত ডাঙৰ ভূমিকম্প হ’ব পাৰে । তেওঁ অসমত বৃহৎ অট্টালিকাৰ পৰিৱৰ্তে সৰু সৰু অট্টালিকাৰ পোষকতা কৰে ৷

বিশেষকৈ গুৱাহাটী মহানগৰীত মুকলি ঠাইৰ অভাৱৰ কথাও উল্লেখ কৰে । বৰ্ত্তমান সময়ত ভূমিকম্পৰ পৰা হ’ব পৰা ক্ষয়ক্ষতি ৰোধৰ ওপৰত গুৰুত্ব দিয়াৰ কথা তেওঁ কয় । অসম তথা উত্তৰ পূব ভূমিকম্পৰ ক্ষেত্ৰত বিপদাপন্ন জ’নত থকাৰ বাবে সাৱধানতা গুৰুত্বপূৰ্ণ বিষয় ৷

লগতে পঢ়ক: Massive fire in Guwahati: হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড; জাহ গ’ল শতাধিক বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.