ETV Bharat / state

অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি

ULFA Govt peace talk: অহা 29 ডিচেম্বৰত নতুন দিল্লীত আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ব শান্তিচুক্তি ৷ তাৰ পিছত আলফা ভংগ হ’ব বুলি কোৱা হৈছে যদিও থাকি যাব এই বিদ্ৰোহৰ একুৰা জুই ৷ কিয়নো এই আলোচনাৰ পৰা বহু দূৰৈত আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা ৷ সাৰ্বভৌমত্বৰ দাবী অবিহনে আলোচনা অসম্ভৱ বুলি বাৰে বাৰে কৈছে পৰেশ বৰুৱাই ৷ এই চুক্তিৰ পৰা কি পাব অসমে ? আলফাৰ দাবীসমূহ মানিব নে চৰকাৰে ? আলফা-চৰকাৰৰ আলোচনাৰ এই দীঘলীয়া পৰিক্ৰমা সন্দৰ্ভত ইটিভি ভাৰতৰ ৰাজ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন ৷

Tale of a peace talk
ULFA Govt peace talk
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 6:10 PM IST

নিউজ ডেস্ক, 26 নৱেম্বৰ: প্ৰায় 12 বছৰ ধৰি চলি থকা এটা প্ৰক্ৰিয়া অৱশেষত সমাপ্তিৰ দিশে আগবাঢ়িছে ৷ নতুন বছৰৰ পূৰ্বেই অসম তথা সংযুক্ত মুক্তি বাহিনী অসম (আলোচনাপন্থী)ৰ বাবে ৰচিত হ’ব এক নতুন ইতিহাস ৷ দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হ’ব ত্ৰিপাক্ষিক শান্তিচুক্তি ৷ অহা 29 ডিচেম্বৰত এই ঐতিহাসিক শান্তিচুক্তি স্বাক্ষৰিত হ’ব দিল্লীত ৷ ইটিভি ভাৰতক এই কথা নিশ্চিত কৰিছে আলফাৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়াই ৷

কাজিৰঙাত যোৱা অক্টোবৰ মাহৰ শেহৰফালে অনুষ্ঠিত এক বৈঠকত আলফা নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিচতেই আনুষ্ঠানিকভাৱে ভংগ হ’ব সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা ৷ তাৰ পিচত আলফা নেতাসকলে নিজৰ ইচ্ছানুসৰি ৰাজনৈতিক-অৰাজনৈতিক সংগঠনত যোগ দিব পাৰিব ৷

শান্তিচুক্তিৰ বাবে আলফাৰ ফালৰ পৰা প্ৰায় 15 দফীয়া দাবী চনদ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰলৈ ৷ কিন্তু এই শান্তিচুক্তিত কি কি থাকিব ? শান্তিচুক্তিৰ দ্বাৰা অসম বা আলফা কিদৰে লাভান্বিত হ’ব সেই বিষয়ে এতিয়ালৈকে জ্ঞাত হোৱা নাই আলফা ৷ একপ্ৰকাৰ আলফা নেতৃত্বক শেষ মুহূৰ্তলৈকে অন্ধকাৰত ৰাখিয়েই চুক্তি স্বাক্ষৰৰ যাৱতীয় তৈয়াৰী কৰিছে কেন্দ্ৰই ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে এই শান্তিচুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি আছে পৰেশ বৰুৱা ৷ 2009 চনৰ পৰা অৰবিন্দ ৰাজখোৱা, শশধৰ চৌধুৰী, ৰাজু বৰুৱা, মিথিংগা দৈমাৰী, চিত্ৰবন হাজৰিকা, অনুপ চেতিয়া, ভীমকান্ত বুঢ়াগোঁহাই আদিয়ে গ্ৰেপ্তাৰ হৈয়েই হওক বা আত্মসমৰ্পন কৰিয়েই হওক মূলসূঁতিলৈ ঘূৰি অহাৰ পিচত আলফা বিভক্ত হয় দুভাগত ৷ পৰেশ বৰুৱা, অৰুণোদয় দহোটীয়া, বিজয় চাইনীজ, জীৱন মৰাণ আদি জংঘলত থকা সশস্ত্ৰ গোটটোৱে ‘আলফা স্বাধীন’ নাম ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা আদিৰ ফৈদটোৱে ‘আলফা আলোচনাপন্থী’ নামটো ব্যৱহাৰ কৰিবলৈ লয় ৷ তাৰ লগতে সশস্ত্ৰ গোটৰ সদস্য সকলে নামৰ পিচত ‘অসম’ শব্দটোৰ প্ৰচলন কৰে ৷

পৰেশ বৰুৱাক মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ লগতে অসমৰ ডিজিপি জিপি সিঙেও শেহতীয়াকৈ বহুবাৰ শান্তিৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে ৷ কিন্তু নিজৰ দাবীত এতিয়াও অটল হৈ আছে পৰেশ অসম ৷ আলফাৰ মূল দাবী স্বাধীন অসম তথা সাৰ্বভৌমত্ব অবিহনে আলোচনা অসম্ভৱ বুলি বাৰে বাৰে কৈ আহিছে পৰেশ বৰুৱাই ৷ তাৰ মাজতে আলফা (স্বা)ৰ পৰা বহু যুৱক ওলাই আহিছে আৰু বহুতেই নতুনকৈ আলফা (স্বা)ত যোগ দিবলৈ গৈছে ৷ গতিকে স্বাক্ষৰিত হ’বলৈ ধৰা এই শান্তিচুক্তিৰ ফলত আলফা ভংগ হোৱা বুলি ক’লেও 1979 ত জন্ম হোৱা এই বিদ্ৰোহী গোটটো সম্পূৰ্ণৰূপে ভংগ হ’ল বুলি ভবা ধাৰণা অমূলক৷

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা 15 ডিচেম্বৰত নতুন দিল্লীত ঘোষণা কৰিছিল যে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়াৰ বাবে চৰ্চা চলিছে ৷ অৰ্থাৎ ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে কেন্দ্ৰই হয়তো এই চুক্তিৰ ক্ষেত্ৰত আলফাৰ দাবী চনদ আখৰে আখৰে পালন নকৰি আংশিক গুৰুত্বহে প্ৰদান কৰিব ৷

উল্লেখ্য যে স্বাধীন তথা সাৰ্বভৌম অসম আৰু খিলঞ্জীয়াক সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ প্ৰদানৰ দাবীৰে 1979 চনত গঠন হৈছিল সংযুক্ত মুক্তি বাহিনী অসম ৷ প্ৰথমাৱস্থাত আলফাৰ প্ৰতি অসমৰ ৰাইজৰ এক আবেগ আছিল ৷ নিষিদ্ধ ঘোষণা হোৱাৰ পিচৰে পৰাই আলফাই সংঘটিত কৰিবলৈ ধৰে কেতবোৰ কূটাঘাতমূলক কাৰ্যকলাপ ৷ যাৰ বাবে আলফা দমনৰ বাবে অসমত মেলি দিয়া হ’ল ভাৰতীয় সেনা ৷ আলফা এৰি অহা একাংশ সদস্যক নাম দিয়া হ’ল ছালফা ৷

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এই ছালফাক ব্যৱহাৰ কৰিয়েই আৰম্ভ কৰিলে ‘ডিভাইড এণ্ড ৰুল প’লিচী’ ৷ উদ্ভৱ হ’ল আলফা-ছালফাৰ সংঘাতৰ ৷ আলফাৰ নামত ভাৰতীয় সেনাৰ হাততো বহু নীৰিহই প্ৰাণ হেৰুওৱাৰ লগতে ঘূণীয়া হ’ল বিভিন্নজন ৷ ধৰ্ষিতাও হ’ল বহু নাৰী ৷ আলফাৰ নামত চলা অত্যাচাৰ, আলফাৰ কেতবোৰ বিক্ষিপ্ত ঘটনাৰ বাবে অসমৰ মানুহৰ আবেগ ক্ৰমে হেৰাই গ’ল আলফাৰ প্ৰতি ৷

আলফাৰ সৈতে চৰকাৰৰ এই আলোচনা প্ৰক্ৰিয়াই 12 বছৰ সময় ল’লে অন্তিম বিন্দুত উপনীত হ’বলৈ ৷ অসম দেশৰ মানুহৰ হৈ কথা ক’বলৈ ওলাই যোৱা এইসকল আলফা নেতাই এতিয়া কেন্দ্ৰৰ সৈতে কি বুজাবুজিৰে সন্ধিপত্ৰত স্বাক্ষৰ কৰে, সূৰ্যোদয়ৰ সপোন দেখা দুচকুত নতুন সূৰ্যোদয় জিলিকি উঠে নে নুঠে সেয়া অহা 29 ডিচেম্বৰৰ চুক্তিৰ পিচত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: 12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.