ETV Bharat / state

‘উড়ান কোল পাচ’ত অসমৰ 9 যুৱকৰ সফল ট্ৰেকিং - 9 mountaineers from Assam finish tracking at udan kol pass

ভূ-পৃষ্ঠৰ পৰা 5400 মিটাৰ উচ্চতাত অৱস্থিত গংগোত্ৰী-কেদাৰনাথক সংযুক্ত কৰা ‘উড়ান কোল পাচ’ত ট্ৰেকিং সম্পূৰ্ণ কৰিলে অসমৰ 9 জনীয়া ট্ৰেকাৰৰ এটা দলে ৷ 2019 চনৰ পাচত ‘উড়ান কোল পাচ’ ট্ৰেকিং সম্পূৰ্ণ কৰা এইটোৱেই প্ৰথম দল ৷

9-mountaineers-from-assam-finish-tracking-at-udan-kol-pass-above-5400-sea-level
‘উড়ান কোল পাচ’ত অসমৰ 9 যুৱকৰ সফল ট্ৰেকিং
author img

By

Published : Sep 12, 2021, 1:31 PM IST

নিউজ ডেস্ক, 12 ছেপ্তেম্বৰ : গংগোত্ৰী-কেদাৰনাথক সংযুক্ত কৰা ‘উড়ান কোল পাচ’ত সফলতাৰে ট্ৰেকিং সম্পূৰ্ণ কৰিলে অসমৰ 9 জনীয়া ট্ৰেকাৰৰ দলে ৷ কৰ’ণাৰ প্ৰকোপ কিছু হ্ৰাস পোৱাৰ পিছতে পুনৰ খুলি দিয়া হৈছে দুঃসাহসিক ক্ৰীড়া আৰু ট্ৰেকিং ৷ ইয়াৰ পিছতে বিভিন্ন স্থানীয় ট্ৰেকিং সংস্থাৰ সহযোগত 5400 মিটাৰ উচ্চতাত অৱস্থিত গংগোত্ৰী-কেদাৰনাথক সংযুক্ত কৰা ‘উড়ান কোল পাচ’ আৰু 5940 মিটাৰ উচ্চতাত অৱস্থিত গংগোত্ৰী বদ্ৰীনাথক সংযুক্ত কৰা ‘কালিন্দী লখাল পাচ’ত সফলতাৰে ট্ৰেকিং সম্পূৰ্ণ কৰা হয় ৷

‘উড়ান কোল পাচ’ত অসমৰ 9 যুৱকৰ সফল ট্ৰেকিং

‘উড়ান কোল পাচ’ৰ ট্ৰেকিঙত অসমৰ 9 গৰাকী ট্ৰেকাৰৰ লগতে ‘কালিন্দী লখাল পাচ’ৰ ট্ৰেকিঙত পশ্চিমবংগৰ 10 গৰাকী ট্ৰেকাৰ আছিল ৷ 2019 চনত সফলতাৰে সম্পন্ন হোৱা উড়ান কোল পাচৰ ট্ৰেকিঙৰ পাছত এইটো প্ৰথম ট্ৰেকিং ৷ উত্তৰ হিমালয় হলিডে ট্ৰেকিঙৰ সংযোজক মনোজ ৰাৱটে জনোৱা অনুসৰি গংগোত্ৰী-কেদাৰনাথক সংযুক্ত কৰা 5,400 মিটাৰ উচ্চতাত অৱস্থিত উড়ান কোল পাচ ট্ৰেকৰ বাবে স্থানীয় গাইডৰ সৈতে 28 আগষ্টত অসম আৰু বেংগলৰ 9 গৰাকী ট্ৰেকাৰ গংগোত্ৰীলৈ ৰাওনা হয় ৷

ইয়াৰ মাজতে প্ৰতিকুল বতৰৰ সন্মুখীন হৈও ট্ৰেকাৰসকলে 5 ছেপ্তেম্বৰত গুট্টুত উড়াল কোল পাচৰ ট্ৰেকিং সফলতাৰে সম্পূৰ্ণ কৰে ৷ 2019 চনৰ পিছত গংগোত্ৰী ঘাটৰ ট্ৰেকিঙৰ এইটোৱেই সফল অভিযান ৷

9-mountaineers-from-assam-finish-tracking-at-udan-kol-pass-above-5400-sea-level
কালিন্দী লখাল পাচত পশ্চিম বংগৰ ট্ৰেকাৰ

আনহাতে, মাউন্ট হাই উইণ্ড ট্ৰেকিং এজেঞ্চিৰ সংযোজক জয়েন্দ্ৰ পৱাৰে কয় যে, গংগোত্ৰী-বদ্ৰীনাথক সংযুক্ত কৰা 5,940 মিটাৰ উচ্চতাত অৱস্থিত কালিন্দী খাল পাচৰ ট্ৰেকিঙৰ বাবে বিগত 31 আগষ্টত কলকাতাৰ 10 গৰাকী ট্ৰেকাৰ গংগোত্ৰীলৈ ৰাওনা হয় ৷ এই দলটোৱে যোৱা শুকুৰবাৰে বদ্ৰীনাথত উপস্থিত হৈ এই কঠিন ট্ৰেকিং সফলতাৰে সম্পূৰ্ণ কৰে ৷ এই দলটোও কালিন্দী খাল ট্ৰেক পাৰ কৰা 2019 চনৰ পিছত প্ৰথমটো দল ৷ দেওবাৰে এই দলটো উত্তৰকাশীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰৰ নিষ্পত্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.