ETV Bharat / state

ফাকুৱা উপলক্ষে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন, 9 মাৰ্চত ড্ৰাই ডে’

ফাকুৱা উপলক্ষে এতিয়া অধিক তৎপৰ হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ প্ৰশাসনে ইতিমধ্যেই কেইবাটাও তদাৰকী গোট গঠন কৰিছে ৷ প্ৰশাসনে গঠন কৰি দিয়া এই গোট কেইটাই প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি থাকিব গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান ৷

9 March has been declared as dry day
ফাকুৱা উপলক্ষে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন, 9 মাৰ্চত ড্ৰাই ডে’
author img

By

Published : Mar 8, 2020, 12:39 AM IST

গুৱাহাটী,7 মাৰ্চঃ ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ এটা দিন বাকী | ফাকুৱা উপলক্ষে এতিয়া অধিক তৎপৰ হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ প্ৰশাসনে ইতিমধ্যেই কেইবাটাও তদাৰকী গোট গঠন কৰিছে ৷ প্ৰশাসনে গঠন কৰি দিয়া এই গোট কেইটাই প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি থাকিব গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান ৷ ফাকুৱাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিব জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে ফাকুৱা উপলক্ষে অহা 9 মাৰ্চত ড্ৰাই ডে’ ঘোষণা কৰাৰ লগতে ১০ মাৰ্চত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ ৷

ফাকুৱা উপলক্ষে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন

আনহাতে, এইবেলি কৰ'ণা ভাইৰাছৰ বাবে হোলীৰ আনন্দ কিছু পৰিমাণে ম্লান পৰাৰ আশংকা কৰা হৈছে ৷ হোলীৰ বজাৰতো ইয়াৰ বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ সেয়েহে, ৰাইজক অধিক সতৰ্কতা অৱলম্বন কৰি হোলী উদযাপন কৰিবলৈ আহ্বান জনায় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

লগতে পঢ়ককৰ'ণা ভাইৰাছৰ বাবে প্ৰশাসনে বন্ধ কৰিলে কাজিৰঙা মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.