ETV Bharat / state

Aam Admi Party: অসম ৰাজ্যিক আপ সমিতিৰ 9 গৰাকী সদস্যৰ পদত্যাগ - 9 Assam state AAP members resignation

"আপৰ নেতাসকল গুণ্ডাবাহিনীৰ দললৈ পৰিণত হৈছে। আজিৰ দিনটোত সমগ্ৰ অসমত মুঠতে প্ৰায় 20 গৰাকী মান সদস্যই দলত্যাগ কৰিছে ৷ অসম ৰাজ্যিক আপৰ নেতৃত্ব দিয়া দুজনে দলটোক আগুৱাই নিয়াৰ পৰিৱৰ্তে দলটোক ধ্বংসৰ গৰাহলৈহে নিছে ৷" - সদ্য পদত্যাগী আপ সদস্য

AAP  Press Meet
অসম ৰাজ্যিক আপৰ 9 গৰাকী সদস্যৰ পদত্যাগ
author img

By

Published : Aug 21, 2023, 6:53 PM IST

Updated : Aug 21, 2023, 8:13 PM IST

অসম ৰাজ্যিক আপৰ 9 গৰাকী সদস্যৰ পদত্যাগ

গুৱাহাটী, 21 আগষ্ট : অসম ৰাজ্যিক আপ সমিতিত খহনীয়া । সংবাদমেল যোগে দলত্যাগ 9 গৰাকী আপ সদস্যৰ। লগতে এই সংবাদমেলত দলটোৰ বিৰুদ্ধেও বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে দলত্যাগ কৰা সদস্যকেইজনে ।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি 9 গৰাকী সদস্যই দলত্যাগ কৰাৰ ঘোষণা কৰাৰ লগতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ৰাজ্যিক আপৰ বিভিন্ন কাম কাজত অসন্তুষ্টি আৰু মইমতালিৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে সদ্য পদত্যগী আপ কর্মীকেইগৰাকীয়ে ৷ এই 9 গৰাকী সদস্যৰ মাজত 2017 চনত দিল্লীলৈ গৈ আপত যোগদান কৰা কৰ্মীও আছে ৷

সদ্য পদত্যাগী কৰ্মীকেইগৰাকীয়ে অসম ৰাজ্যিক আপৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ বিৰুদ্ধে বহু কেইটা অভিযোগ উত্থাপন কৰি মন্তব্য প্ৰকাশ কৰি কয়," আপ এটা দুৰ্নীতিবিহীন দল বুলিহে আমি যোগদান কৰিছিলো ৷ অসমৰ ৰাজনীতিত এক পৰিবৰ্তন অনাৰ বাবে আৰু লগতেই এই দলৰ নীতি আদর্শৰ প্ৰতি আকৰ্ষিত হৈ আম আদমী পাৰ্টিত যোগদান কৰিছিলো। কিন্তু আপত সোমাইহে আমি গম পালো যে আপত কোনো নিয়ম নাই ৷ আপৰ নেতাসকল গুণ্ডাবাহিনীৰ দললৈ পৰিণত হৈছে। আজিৰ দিনটোত সমগ্ৰ অসমত মুঠতে প্ৰায় 20 গৰাকী মান সদস্যই দলত্যাগ কৰিছে ৷ অসম ৰাজ্যিক আপৰ নেতৃত্ব দিয়া দুজনে দলটোক আগুৱাই নিয়াৰ পৰিৱৰ্তে দলটোক ধ্বংসৰ গৰাহলৈহে নিছে ৷"

লগতে সদস্যসকলে উল্লেখ কৰে যে, "এই দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাম আৰু কথা যি দিল্লীত প্ৰদৰ্শিত হৈছে সেয়া সঁচাকৈয়ে লেখত ল'ব লাগিব। কিন্তু সেয়া অকল দিল্লী আৰু পাঞ্জাৱৰ ক্ষেত্ৰতহে দেখা গ’ল। অসমত ৰাজনীতি শিক্ষা, স্বাস্থ্য আৰু বিদ্যুৎ আদিত আৱদ্ধ নহয়। অসমৰ সমস্যা তাতোকৈ অধিক। অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমীয়াৰ ৰক্ষা কবচৰ কথা কোৱা হৈছে , NRC, গৰাখহনীয়া, বানপানী, খোৱা পানী, নিবনুৱা সমস্যা আৰু নানান জ্বলন্ত সমস্যা আমাৰ আছে। কিন্তু সেই ক্ষেত্ৰত আম আদমী দলে একো গুৰুত্ব দিয়া দেখা নগ’ল। ৰাজ্যিক কমিটিয়েও যেন সেইবোৰত একো গুৰুত্ব নাই দিয়া। গতিকে আমি অসমৰ ভবিষ্যতৰ বাবে আজি সমূহীয়াভাৱে সদৌ অসম ভিত্তিত দলৰ পৰা পদত্যাগ কৰিছো ৷"

এই সংবাদমেলত উপস্থিত থাকে আম আদমী পাৰ্টিৰ মুখপাত্ৰ ৰাজশ্রী অনিল, ৰাজ্যিক প্ৰতিবাদ আৰু কাৰ্যকলাপ সমন্বয়ক কাৰ্তিক সৰকাৰ, কামৰূপ (ম) প্ৰতিবাদ আৰু কাৰ্যকলাপ সমন্বয়ক ধনজিৎ তালুকদাৰকে ধৰি কেইবাগৰাকীও আপ কর্মী।

লগতে পঢ়ক: Indrani Tahbildar's Death Case : দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে আৰু দুজনক গ্ৰেপ্তাৰ

Last Updated : Aug 21, 2023, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.