ETV Bharat / state

9 বজাৰ 10টা শীৰ্ষ সংবাদ - 9 AM TOP TEN BULLETIN

9 বজাৰ 10টা শীৰ্ষ সংবাদ

9 বজাৰ 10টা শীৰ্ষ সংবাদ
9 বজাৰ 10টা শীৰ্ষ সংবাদ
author img

By

Published : Dec 24, 2020, 8:56 AM IST

পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

'কা' বিৰোধী প্ৰতিবাদত পুনৰ উত্তাল হ'ল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিহ্ৰুগড় ৷ ডিব্ৰুগড় চহৰত শতাধিক আছু কৰ্মীৰ প্ৰতিবাদী জোৰ সমদল ৷ চৰকাৰক আইন বাতিলৰ দাবী জনাই জংগী আন্দোলনৰ হুংকাৰ ৷

নিশা অভিজাত হোটেলত বিটিচি পাৰিষদৰ মাৰাথান বৈঠক

সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ বাবে বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হ'ব আস্থা ভোটৰ । ইয়াক লৈয়ে এতিয়া অভিজাত হোটেলত ইখনৰ পিচত সিখন মাৰাথান বৈঠকত মিলিত হৈছে বিজেপি, ইউপিপিএল তথা নৱ নিৰ্বাচিত পাৰিষদ সকল ৷

বিটিচি চৰকাৰ গঠনক লৈ উদ্বিগ্ন বড়ো সাহিত্য সভা

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচি চৰকাৰ গঠনক লৈ আস্থা ভোটৰ নিৰ্দেশনা দিয়াৰ পৰৱৰ্তী সময়ছোৱাত যেনে ধৰণৰ অস্থিৰ বাতাবৰণৰ উদ্ভৱ হৈছে তাক লৈ বড়ো সাহিত্য সভাই চিন্তিত হৈ বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷

উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ বন বিষয়াক

ছয়গাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী বন বিষয়া ৷ বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷ উৎকোচ লৈ থকাৰ সময়ত হাতে-লোটে ধৰা পৰে বন বিষয়াগৰাকী ৷

বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

পশ্চিমবংগৰ ঐতিহাসিক বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভিডিঅ' কনফাৰেন্সযোগে বিশ্ব বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷

শোণিতপুৰত হাতী-মানুহৰ সংঘাতে প্ৰাণ ল’লে 4 জনৰ

শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত 4 জন লোকক বনৰীয়া হাতীয়ে হত্যা কৰাৰ লগতে মৃত্যু হয় 3 টাকৈ হাতীৰ ৷ প্ৰয়োজনতকৈ বন কৰ্মীৰ যথেষ্ট কম হোৱাৰ বাবে হাতী-মানুহৰ সংঘাতৰ সৈতে বন বিভাগে কেনেদৰে মোকাবিলা কৰিব তাক লৈ শংকিত বন বিষয়া ৷

বৰদিনৰ ব্যাপক প্ৰস্তুতি ৰঙাপৰাবাসীৰঃ কেৰলৰ ধ্বনিৰে মুখৰিত গীৰ্জা ঘৰ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত পৱিত্ৰ বৰদিনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙাপৰা অঞ্চলৰ প্ৰত্যেকখন গাঁও,চাহ বাগিচাৰ গীৰ্জা ঘৰ সমূহ ৷

শৃংখল চলিহা উগ্ৰহিন্দুত্ববাদী নেতা:অসম সংখ্যা লঘু সংগ্ৰাম পৰিষদ

ৰূপহীহাটৰ জুৰীয়াৰ চৰ অঞ্চলত ৰাইজৰ দলৰ বিৰুদ্ধে সৰৱ হৈ উঠিল অসম সংখ্যা লঘু সংগ্ৰাম পৰিষদ ৷ ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহা উগ্ৰ হিন্দুত্ববাদী নেতা আৰু RSS ৰ মানুহ বুলি ৰাইজৰ দলৰ বিৰোধিতা কৰে অসম সংখ্যা লঘু সংগ্ৰাম পৰিষদে ৷

নামৰূপত কা বাতিলৰ দাবীৰে আছুৰ উত্তাল প্ৰতিবাদ

বুধবাৰে ডিব্ৰুগড়ৰ নামৰূপত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় তিনি শতাধিক লোক ৷ বিভিন্ন কা বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

মৰাণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা

বুধবাৰে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা সম্পন্ন ৷ এই প্ৰতিযোগিতাত মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ১৩ টি দলে অংশগ্রহণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.