ETV Bharat / state

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ 88 সংখ্যক জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Oct 11, 2021, 10:21 AM IST

Updated : Oct 11, 2021, 10:45 AM IST

একেৰাহে তিনিটা বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত এগৰাকী সফল ৰাজনীতিক আৰু অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তিস্বৰূপ প্ৰয়াত তৰুণ গগৈৰ আজি 88 সংখ্যক জন্ম বাৰ্ষিকী ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণ তথা ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈ বিগত বৰ্ষৰ 23 নৱেম্বৰত ইহ-সংসাৰৰ পৰা মেলানি মাগিছিল তৰুণ গগৈয়ে ৷

88th birth anniversary of former assam cm late tarun gogo
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ 88 সংখ্যক জন্মদিনৰ শুভেচ্ছা

নিউজ ডেস্ক , 11 অক্টোবৰ : ৰাজ্যৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, সমকালীন অসমৰ এগৰাকী সফল ৰাজনীতিক আৰু অসমৰ মাটিত জাতীয় কংগ্ৰেছৰ জীৱনী শক্তিস্বৰূপ প্ৰয়াত তৰুণ গগৈৰ আজি 88 সংখ্যক জন্ম বাৰ্ষিকী ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণ তথা ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈ আইচিইউত কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ থকা অৱস্থাত শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ বিকল হৈ বিগত বৰ্ষৰ 23 নৱেম্বৰত ইহ-সংসাৰৰ পৰা মেলানি মাগিছিল জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মৃত্যুৰ পাচত এয়া প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম জন্ম বাৰ্ষিকী ৷

তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত ৷ 1936 চনৰ 11 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী ৰাজনীতিবিদে ৷ শিশুকাল যোৰহাটতে অতিবাহিত কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল তৰুণ গগৈয়ে ৷

লগতে পঢ়ক : থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰী লাভ কৰে ৷ LLB সম্পূৰ্ণ কৰি আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এগৰাকী অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত Assam Small-Scale Industries Development Corporationৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল তৰুণ গগৈ ৷ 1972 চনত ডলী গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷

লগতে পঢ়ক : তিতাবৰত প্ৰয়াত তৰুণ গগৈয়ে ৰোপন কৰা এডাল বকুল

ৰাজনৈতিক জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদ হিচাপে 1968 চনত যোৰহাট পৌৰসভালৈ সদস্য হিচাপে নিৰ্বাচিত হয় তৰুণ গগৈ ৷ পৰৱৰ্তী সময়ত, 1976 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেওঁ নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটি চমুকৈ AICC ৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিছত 1985-1990 বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷

1991-1996 বৰ্ষৰ বাবে তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে ৷ পৰৱৰ্তী সময়ত 1986-1990 বৰ্ষত তৰুণ গগৈ দেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চমুকৈ APCCৰ সভাপতি পদত অধিষ্ঠিত হৈ আছিল ৷ 1996 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷

লগতে পঢ়ক : অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

2001 চনৰ 17 মে' তাৰিখে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ পৰৱৰ্তী সময়ত 2006 আৰু 2011 চনত তিতাবৰ সমষ্টিৰ পৰা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল অসমৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰা এই গৰাকী ৰাজনৈতিক নেতা ৷ উল্লেখ্য যে, বিগত 25 আগষ্টত তৰুণ গগৈৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছিল৷ তেতিয়াৰে পৰা ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল নেতাগৰাকীৰ ৷

গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ কিন্তু পুনৰ 1 নৱেম্বৰৰ নিশা হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে নেতাগৰাকী ৷ শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল নেতাগৰাকীক ৷ তেতিয়াৰে পৰা চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ থাকি অৱশেষত 23 নৱেম্বৰৰ বিয়লি 5.34 বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে ৷

লগতে পঢ়ক : ভগৱানে মোৰ ঘৰত ছোৱালী দিলে কিন্তু দেউতাক লৈ গ’ল : গৌৰৱ গগৈ

Last Updated : Oct 11, 2021, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.