গুৱাহাটী, 17 ছেপ্টেম্বৰ: আন্তঃৰাজ্যিক সীমা সমস্যা দূৰ কৰাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে যদিও বৰ্তমান সময়তো চুবুৰীয়া ৰাজ্য মিজোৰাম, মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ দখলত আছে অসমৰ 82,796 হেক্টৰ ভূমি । চুবুৰীয়া ৰাজ্যৰে থকা দীৰ্ঘদিনীয়া সীমা বিবাদ মীমাংসাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ সময়তে অব্যাহত আছে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন । এফালে সীমা সমস্যাক লৈ আলোচনা চলিছে আৰু আনফালে চুবুৰীয়া ৰাজ্যই দখল কৰি গৈছে অসমৰ ভূমি ।

অসম বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশনতো চুবুৰীয়া ৰাজ্যৰ দ্বাৰা অসমৰ ভূমি দখলৰ প্ৰসংগটো উত্থাপন হৈছিল । সেই অনুসৰি চৰকাৰী তথ্য মতে অসমৰ ভূমি অৰুণাচল প্রদেশৰ দখলত 16,144 হেক্টৰ, মিজোৰামৰ দখলত 3679 হেক্টৰ, মেঘালয়ৰ দখলত 3442 হেক্টৰ আৰু নাগালেণ্ডৰ দখলত 59490 হেক্টৰ ভূমি আছে ।
লক্ষণীয় বিষয় যে, দায়িত্বভাৰ গ্ৰহণৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ দূৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰে । এইক্ষেত্রত চৰকাৰখন যথেষ্ট সফলো হৈছে । মেঘালয়ৰ মাজত থকা 12 টা বিবাদমান এলেকাৰ ভিতৰত ছটাৰ মীমাংসা হৈছে । কিন্তু চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ পাছতো সীমান্তৰ উত্তেজনা শাম কটা নাই তথা বেদখল ৰোধ হোৱা নাই ।

লক্ষণীয় বিষয় যে বিগত ডেৰ বছৰত চুবুৰীয়া ৰাজ্যই অসমৰ প্রায় 13,741 হেক্টৰ ভূমি নিজৰ দখললৈ নিছে । এইক্ষেত্ৰত সকলোতকৈ আগত আছে অৰুণাচল প্রদেশ আৰু নগালেণ্ড । সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে অসম চৰকাৰে এই দুয়োখন ৰাজ্যৰেও আলোচনা অব্যাহত ৰাখিছে । কিন্তু আলোচনাৰ মাজতো অব্যাহত আছে বেদখল ।
সীমা সমস্যাৰ সমাধানৰ প্ৰথম পদক্ষেপ হিচাপে ইতিমধ্যে মেঘালয়ৰ লগত থকা 12 টা বিবদমান স্থানৰ ভিতৰৰ ছটাৰ মীমাংসা কৰা হৈছে । একে সময়তে অৰুণাচল প্রদেশৰ সৈতেও সীমা সমস্যা সমাধানৰ বাবে আলাপ-আলোচনা চলি আছে । একেদৰে নগালেণ্ড আৰু মিজোৰামৰ সৈতেও সীমা সন্দৰ্ভত কিছুদিনৰ পূৰ্বে বৈঠক অনুষ্ঠিত হৈছিল । ইফালে চৰকাৰী তথ্য মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উপদেশমৰ্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ লগত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ আঞ্চলিক কমিটী গঠন কৰি সংশ্লিষ্ট ৰাজ্যসমূহে বিবাদ নিষ্পত্তি কৰাৰ ব্যৱস্থা লৈছে ।

অসম-অৰুণাচলৰ সম্পূৰ্ণ সীমাৰ বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে 12 খনকৈ আঞ্চলিক সমিতি গঠন কৰিছে । দুয়োখন ৰাজ্যৰ পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ লগত আলোচনা, মতবিনিময়ৰ দ্বাৰা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছে । সেইমৰ্মে অৰুণাচল প্রদেশে দাবী কৰা 123 খন গাঁৱৰ ওপৰত বুজাবুজিৰ চুক্তি কৰা হৈছে ।
অৰুণাচল প্রদেশে দাবী কৰা মুঠ 123 খন গাঁৱৰ বাকী থকা 52 খন গাঁৱৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলি আছে । চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে চৰকাৰে আলোচনাৰ মাধ্যমেৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বেদখলমুক্ত হোৱা নাই অসমৰ ভূমি । বৰং অব্যাহত আছে বেদখল প্ৰক্ৰিয়া ।