ETV Bharat / state

CAA আন্দোলনঃ উত্তৰ-পূৱ ৰে'লৱেৰ 10 কোটি টকাৰ সম্পত্তি ক্ষতি

দুষ্কৃতিকাৰীৰ তথ্য সংগ্ৰহ কৰি তেওঁৰ পৰা টকা আদায় কৰাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । ৰে'লৱে বোৰ্ডৰ নিৰ্দেশ অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে নামি পৰিছে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা ব্যক্তিৰ সন্ধানত ।

author img

By

Published : Dec 31, 2019, 9:08 PM IST

উত্তৰ-পূৱ ৰে'লৱেৰ 10 কোটি টকাৰ সম্পত্তি ক্ষতি

গুৱাহাটী, 30 ডিচেম্বৰ: CAA বিৰোধী গণতান্ত্ৰিক আন্দোলনক বিপথে পৰিচালিত কৰাৰ ন্যস্তস্বাৰ্থত জড়িত একাংশ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰশাসন । আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা পক্ষৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছে কেন্দ্ৰ-ৰাজ্য চৰকাৰে ৷ শেহতীয়াকৈ ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, CAA বিৰোধী গণতান্ত্ৰিক আন্দোলনৰ বিপৰীতে গৈ ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে উত্তৰ পূৱ ৰে'লৱেৰ ।

ৰে'ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি দুষ্কৃতিকাৰীৰ ধ্বংসলীলাৰ ফলত সমগ্ৰ দেশতে ৮০ কোটি টকাৰ সম্পত্তি বিনষ্ট হোৱাৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ এলেকাত নষ্ট হৈছে প্ৰায় ১০ কোটি টকাৰ সা-সম্পত্তি । ইয়াৰে প্ৰায় ৫ কোটি টকাৰ সামগ্ৰী ক্ষতি হৈছে অসমত । সেয়ে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰে'ল বিভাগে ।

উল্লেখ্য যে, দুষ্কৃতিকাৰীৰ তথ্য সংগ্ৰহ কৰি তেওঁৰ পৰা টকা আদায় কৰাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । ৰে'লৱে বোৰ্ডৰ নিৰ্দেশ অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে নামি পৰিছে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা ব্যক্তিৰ সন্ধানত । চিচি টিভি কেমেৰা থকা ষ্টেচনত সমূহৰ পৰা দৃশ্য সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আগবাঢ়িছে বুলি সাংবাদিকক জনায় উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে ।

লগতে পঢ়ক: 1000 গৰাকী নতুন লেখক-লেখিকালৈ 50 হাজাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ

Intro:সমগ্ৰ দেশতে অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন ২০১৯ বিৰোধী প্ৰতিবাদ। গণতান্ত্ৰিক আন্দোলনৰ মাজতে একাংশ দুষ্টচক্ৰই বিনষ্ট কৰিছিল ৰাজহুৱা সা-সম্পত্তি। আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা পক্ষৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছে কেন্দ্ৰ-ৰাজ্য চৰকাৰে। এই আন্দোলনতে ভাৰতীয় ৰে'লৱেৰ যথেষ্ট ক্ষতিসাধন হৈছে। শেহতীয়াকৈ ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। ৰে'ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশতে ৮০ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে। ইফালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ এলেকাত নষ্ট হৈছে প্ৰায় ১০ কোটি টকাৰ সা-সম্পত্তি। ইয়াৰে প্ৰায় ৫ কোটি টকাৰ সামগ্ৰী ক্ষতি হৈছে অসমত। ইতিমধ্যেই এই ক্ষেত্ৰত কঠোৰ হ'বলৈ ৰে'ল বিভাগক। দুস্কৃতিকাৰীৰ তথ্য সংগ্ৰহ কৰি তেওঁৰ পৰা এই টকা আদায় কৰাৰো ব্যৱস্থা কৰিছে বিভাগটোৱে। ৰে'লৱে বোৰ্ডৰ নিৰ্দেশ অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেও নামি পৰিছে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা ব্যক্তিৰ সন্ধানত। যিসমূহ ষ্টেচনত চিচি টিভি কেমেৰা আছে সেইসমূহৰ পৰা দৃশ্য সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আগবাঢ়িছে বুলি জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে।
Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.