নিউজ ডেস্ক, 21 জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে যোগ দিৱস । সমান্তৰালকৈ অসমতো সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷
সোমবাৰে গোলাঘাট জিলাৰ সৰুপথাৰতো পালন কৰা হ'ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । পুৱাৰে পৰা সম্পূৰ্ণ ক’ভিড নিয়ম মানি সৰুপথাৰ মহাবিদ্যালয়ত ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু IQAC সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । অনুষ্ঠানটোত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰৰ চক্ৰ বিষয়া সোণতৃষ্ণা ঘৰফলীয়াৰ লগতে অন্য বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোক ৷
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ডিগবৈতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰাইফলছ, ডিগবৈ সাংবাদিক সন্থাৰ সাংবাদিকসকল আৰু ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যুটীয়া উদ্যোগত ডিগবৈ ইণ্ডিয়া ক্লাব ইনড'ৰ ষ্টেডিয়ামত যোগাসন শিবিৰৰ আয়োজন কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । এই যোগ দিৱসত 18 নং গাৰোৱাল ৰাইফলছৰ কমাণ্ডিং অফিচাৰ জন চিংককে ধৰি কেইবাজনো ভাৰতীয় সেনাৰ বিষয়া, ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ৰাজীৱ ৰুদ্ৰ তাৰিয়াং আৰু ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে বিনন্দ কোঁৱৰ, ৰাজেশ উপাধ্যায়ৰ লগতে প্ৰায় 100 গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
যোৰহাটৰ টীয়কতো কলিয়াপানী মণ্ডল বিজেপিয়ে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অন্তৰ্গত কমাৰখাটোৱালত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ক’ভিড প্ৰট'কল মানি পালন কৰে । বিশেষকৈ গ্ৰামাঞ্চলত বৰ্তমান ক’ভিড মহামাৰীয়ে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তাক প্ৰতিহত কৰিবলৈ স্বাস্থ্যৰ যত্ন তথা যোগ-ধ্যানৰ যোগেদি নিজক সুৰক্ষিত কৰি সু-স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ এই দিৱস গ্ৰামাঞ্চলত আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে । উক্ত অনুষ্ঠানত মণ্ডলটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহকৰ সদস্য দেৱজিৎ বৰুৱা উপস্থিত থাকি সকলোকে প্ৰতিদিনে অলপ সময় উলিয়াই যোগাভ্যাস গঢ়ি তুলি সুস্থ হৈ থাকিবলৈ আহ্বান জনায় ।
হোজাই জিলা ক্ৰীড়া সন্থাৰ উদ্যোগতো নেতাজী সুভাষ ইন্দোৰ ষ্টেডিয়ামত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত কৰা হয় । উক্ত যোগ দিৱসৰ কাৰ্যসূচীত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ উপস্থিত থাকি স্থানীয় ৰাইজৰ লগত যোগাসন শিবিৰত অংশগ্ৰহণ কৰে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো ক’ভিড প্ৰট'কল ৰক্ষা কৰি পালন কৰা হয় সপ্তম সংখ্যক আন্তৰ্জাতিক যোগ দিৱস । মৰিগাঁও বিহুতলীত জিলা উপায়ুক্ত সীমাৰেখা ভূঞাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে যোগ শিবিৰৰ ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ধিঙতো উদযাপন কৰা হয় যোগ দিৱস ৷ ধিঙৰ সাৰ্বজনীন পূজাবাৰী প্ৰাংগণত আৰোগ্য যোগ কেন্দ্ৰ ধিঙৰ উদ্যোগত আৰু ধিং মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কম সংখ্যক লোকৰ উপস্থিতিত যোগ দিৱস অনুষ্ঠিত কৰা হয় যদিও অনলাইনযোগে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বহু লোকে ৷ উল্লেখ্য যে, ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ সুনাম অৰ্জন কৰি ধিঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
সমগ্র দেশৰ লগতে সোমবাৰে বাক্সা জিলাতো সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, অসমৰ উদ্যোগত বিজেপি ককলাবাৰী মণ্ডলৰ সহযোগত জালাহ লক্ষ্মী মন্দিৰ প্ৰাংগণত সপ্তম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । জালাহ শাখা সাহিত্য সভাৰ সম্পাদক কুমাৰ অনুপমে আনুষ্ঠানিকভাৱে যোগ ব্যায়ামৰ কাৰ্যসূচী আৰম্ভ কৰা অনুষ্ঠানত কুলেন কুমাৰ নাথে যোগ দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে । হীৰকজ্যোতি ঠাকুৰীয়া আৰু নৱ কুমাৰ নাথে সমল ব্যক্তি হিচাপে ভাগ লোৱা অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে । একেদৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ।
দেৰগাঁৱৰ ঐতিহাসিক বাপুজী মন্দিৰতো সম্পূৰ্ণ ক’ভিড নিয়ম মানি বাপুজী মন্দিৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা, দেৰগাঁও নগৰ মণ্ডলৰ উদ্যোগত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । অনুষ্ঠানটোত উপস্থিত থাকে বাপুজী মন্দিৰৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক অপূৰ্ব ঠাকুৰ, ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপ সভাপতি সুভাষ দাস, ভাৰতীয় জনতা পাৰ্টী অনুসূচিত জাতি বিভাগৰ দেৰগাঁও মণ্ডলৰ সভাপতি দিলীপ হাজৰিকা আৰু প্ৰশিক্ষক অভিলাষ বৰা । মুঠৰ ওপৰত ক’ভিড প্ৰট’কল মানি ৰাজ্যৰ ভিন্ন স্থানত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় ৷
লগতে পঢ়ক: গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে