নিউজ ডেস্ক, 13 আগষ্ট: ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ দেওবাৰে পুনৰ ৰাজ্যখনত বানৰ ফলত এজন লোকৰ মৃত্যু হয় ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ দৈনিক বান প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে এই তথ্য ৷ প্ৰতিবেদন প্ৰকাশ কৰা মতে, মৃত লোকজন শিৱসাগৰৰ ৷ ইয়াৰ লগতে ৰাজ্যত চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 12 জনলৈ বৃদ্ধি পাইছে ৷
ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিভাৱে বৰষুণ অব্যাহত থকাৰ বাবে কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধ পাইছে ৷ ধুবুৰী, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ, শিৱসাগৰত দিখৌ আৰু নাংলামুৰঘাটত দিচাং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত লগতে প্ৰকাশ কৰা মতে, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ 21 টা ৰাজহ চক্ৰৰ 357 খন গাঁৱৰ 75,209 গৰাকী লোক সম্প্ৰতি বানৰ কৱলত আছে ৷ বানৰ ফলত নষ্ট হৈছে সৰ্বমুঠ 6136.25 হেক্টৰ কৃষিভূমি ৷
জিলাকেইখনত বানাক্ৰান্তৰ সুবিধাৰ্থে মুঠ 9 টা সাহায্য শিবিৰ আৰু 52 টা সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ এই সাহাৰ্য শিবিৰত মুঠ 15151 জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ ইয়াৰে 551 জন পুৰুষ, 718 গৰাকী মহিলা 232 টি শিশু আৰু 14 গৰাকী প্ৰসূতি ৷
বানৰ ফলত বহু পশুধনো ক্ষতিগ্ৰস্ত হৈছে ৷ মুঠ 21139 টা পশুধন বানৰ কৱলত পৰিছে ৷ ঠায়ে ঠায়ে প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ৷ নাৱেৰে এই অঞ্চলসমূহত উদ্ধাৰ অভিযান চলোৱা লগতে চিকিৎসকৰ দলো মোতায়েন কৰা হৈছে ৷
লগতে পঢ়ক: Flood in Assam: ৰাজ্যত বানত পুনৰ এজনৰ মৃত্যু; বানৰ কৱলত 27 হাজাৰ লোক