ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি - শীৰ্ষ দহটা বাতৰি

7 বজাৰ শীৰ্ষ দহটা বাতৰি

7 PM TOP TEN NEWS
7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 23, 2020, 7:36 PM IST

লখিমপুৰ জিলাত অসমৰ ভূমি বেদখল অৰুণাচলৰ

চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশে অসমৰ ভূমি দখল কৰাৰ অভিযোগ উখাপন হৈছে ৷ লখিমপুৰ জিলাৰ নাওবৈচা সীমান্তৱৰ্তী ৰামপুৰ-ৰাজগড়ত অসমৰ ভূখণ্ড নিজৰ দখললৈ নিয়াৰ বাবে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনে অঞ্চলটোত সুদীৰ্ঘ-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ ৰামপুৰ খণ্ড বন কাৰ্য্যালয়ৰ অধীনষ্ঠ ৰামপুৰ-ৰাজগড়ত অৰুণাচল প্ৰদেশ চৰকাৰে পথ আৰু বিভিন্ন আঁচনি ৰূপায়ণেৰে অসমৰ নতুন-নতুন অঞ্চল অৰুণাচলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰো অভিযোগ উখাপন হৈছে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে ৷

বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূল : ৰূপম গোস্বামী

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। ৰিপুন বৰাই নাজানে,ৰিপুন বৰাক কোনোবাই ভুল তথ্য দিছে অথবা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন হেৰুৱাৰ শংকাত ভুল বকিছে ৰিপুন বৰাই,মন্তব্য ৰূপম গোস্বামীৰ ৷

মৰিগাঁৱত গা-ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

মৰিগাঁও জিলাত পানীত পৰি সপ্তম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ৷ সমনীয়াৰ সৈতে গা-ধুবলৈ গৈ মৃত্যু হৈছে ছাত্ৰজনৰ ৷ মৈৰাবাৰীৰ এম ই মাদ্ৰাছাত অধ্যয়নৰত 13 বছৰীয়া শ্বাজিব আহমেদ নামৰ ছাত্ৰজনে ৰাতিপুৱা সমনীয়াৰ সৈতে খালকাটা বিলৰ ওচৰৰ এটা পুখুৰীত গা-ধুবলৈ গৈছিল ৷ সেই সময়তে পুখুৰীটোৰ দ-খাৱৈত পৰি ছাত্ৰজনৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে ৷

57 টা দিনে যন্ত্ৰণাদায়ক দিন অতিবাহিত কৰিছে বাঘজানবাসীয়ে

57 টা দিন অতিক্ৰম বাঘজান কাণ্ডৰ ৷ বিগত 9 জুনত ভয়ংকৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল 27 মে'ৰ পৰা অহৰত গেছ নিৰ্গত হৈ থকা বাঘজানৰ বি.জি.আৰ-৫নং তৈলখাদত ৷ যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল তৈলখাদটোৰ নিকটৱৰ্তী লোকসকল ৷ সেই অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছিল দুগৰাকীকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ৷ গৃহহাৰা হৈ পৰিছিল বহু লোক ৷ যাৰ বাবে প্ৰাণৰ সংকটত তেওঁলোকে আহি থিতাপি ল'বলগীয়া হৈছিল আশ্ৰয় শিবিৰত ৷

নদীলৈ পৰিণত কৃষকৰ শ-শ বিঘা কৃষিভূমি

জোনাইৰ মিছামৰা, কাৰিচুকত অঞ্চলত চেৰেন নদীৰ বিভীষিকা ৷ পানীৰ মাজত সেউজীয়া ধাননি পথাৰখন বিচাৰি হাবাথুৰি দৰিদ্ৰ কৃষকৰ ৷ নদী যেন লগা এই ঠাইখনত আচলতে নাছিল কোনো নদী,বৰঞ্চ আছিল শ-শ বিঘা কৃষি পথাৰ ৷ কিন্তু হঠাৎ শতাধিক খেতিয়কৰ বিশাল খেতি পথাৰৰ পৰিণত হ’ল এখন বিশাল নদী লৈ । কপালৰ ঘাম বোৱাই ৰোৱা সেউজীয়া ধাননি পথাৰখন বিচাৰি পোৱাটো বাদেই,এতিয়া পথাৰৰ সীমাও যেন বিচাৰি ওলিয়াবলৈ অপাৰগ কৃষক ৰাইজ ৷

মৰিয়নীত ক'ভিড আক্ৰান্তৰ সৈতে বিহু নৃত্য চিকিৎসক-নাৰ্চৰ

মৰিয়নী চুঙি লাহিং স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাকৰ্মী আৰু ক'ভিড-19 সংক্ৰমিত ব্যক্তিৰ বিহু নৃত্যই আপ্লুত কৰিছে বহুজনকে ৷ চিকিৎসা প্ৰদানৰ সমান্তৰাল ভাৱে ৰোগীৰ মনোবল বৃদ্ধিৰ বাবেই এইধৰণৰ নৃত্য-গীত কৰাত ব্যস্ত স্বাস্থ্যকৰ্মী সকল ৷

দৰঙৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী সোণোৱালৰ

বৃহস্পতিবাৰে দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে দলং জিলাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিমান বজাত মুখ্যমন্ত্ৰী গৰাকী মঙলদৈত উপস্থিত হৈ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱৰ ভগ্ন মাথাউৰি পৰিদৰ্শন কৰে ৷

চুলাইৰ ঘাটিলৈ পৰিণত সত্ৰনগৰী বৰপেটা

পূৰ্বে সুৰা নিষিদ্ধ বৰপেটাত আবকাৰী বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ ফলত গঢ়ি উঠিছে অবৈধ সুৰাৰ ব্যৱসায় ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় এহাজাৰ লিটাৰ চুলাইৰ লগতে আটক কৰে দুগৰাকী চুলাই সৰবৰাহকাৰী ৷

ত্ৰিপুৰাত পাঁচ পাষণ্ডৰ হাতত ধৰ্ষিত এগৰাকী কিশোৰী!

ত্ৰিপুৰাৰ তেলিয়ামুৰাত পাঁচজন যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি পেলাই থৈ যায় ৰাজপথত ৷ ঘটনাৰ পিচতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ উত্তপ্ত ৰাইজে অভিযুক্তৰ বাসগৃহ ভাঙি অগ্নিসংযোগ কৰে ৷

মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি!

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি এজন প্ৰাক্তন সেনা জোৱানৰ ৷ তীৰ্থ চলিহা নামৰ প্ৰাক্তন সেনা জোৱানজনে ছ'চিয়েল মিডিয়াত হত্যাৰ ভাবুকি দিছিল ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰীগৰাকীৰ পত্নী, পুত্ৰ কন্যাকো ছ'চিয়েল মিডিয়াত হত্যাৰ ভাবুকি দিছিল তীৰ্থ চলিহাই ৷ ইতিমধ্যে প্ৰাক্তন সেনা জোৱান তীৰ্থ চলিহাক মহানগৰীৰ সাতগাঁৱৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : চুলাইৰ ঘাটিলৈ পৰিণত সত্ৰনগৰী বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.