গুৱাহাটী, ২৩ জুলাই: গুৱাহাটী ৰে’লৱে আৰক্ষীৰ সাত জোৱানক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে (GRP person reserve closed)। জব্দ কৰা গাঞ্জা বিক্ৰী আৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত জোৱানকেইজনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে । ৰে’লৱে আৰক্ষীৰ জোৱান কেইজনক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে এজন গৃহৰক্ষী জোৱানক আটক কৰা হৈছে (Guwahati railway home guard detained for selling Ganja)৷
জব্দকৃত গাঞ্জা বিক্ৰী কৰাৰ অপৰাধত আটক কৰা গৃহৰক্ষী জোৱানজন হ’ল পূৰ্ণ দাস ৷ আনহাতে বলেন বৰ্মন, অমল কলিতা, প্ৰণৱ বাসুমতাৰী, সত্য দাস, শৈলেন কাকতি, কুলদ্বীপ ডেকা আৰু ইছমাইল আলিক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ।
উল্লেখ্য যে, 2 জুলাইত কামাখ্যা ৰে’ল ষ্টেচনত(Kamakhya Railway Station) এখন ৰে’লৰ পৰা জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized at Kamakhya railway station)। পৰৱৰ্তী সময়ত জব্দকৃত গাঞ্জাখিনি বিক্ৰী কৰিছিল বকোৰ এজন লোকক । এই ঘটনা পোহৰলৈ অহাৰ পাছতে উক্ত দিনটোত কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনক আটক কৰাৰ লগতে আন সাতজন ৰে’লৱে আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা হয় ৷
উল্লেখ্য যে, বিভিন্ন সময়ত ৰে’ল আৰক্ষীৰ বিৰুদ্ধে এনে ধৰণৰ ঘটনা সংঘটিত কৰা অভিযোগ উত্থাপিত হৈ আহিছে ৷
লগতে পঢ়ক: ED Arrested Partha chatterjee: গ্ৰেপ্তাৰ হ'ল পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেৰ্টাজী