ETV Bharat / state

Haj pilgrims: হজযাত্ৰালৈ সাজু পূৰ্বোত্তৰৰ 6,302 গৰাকী হজযাত্ৰী

author img

By

Published : May 12, 2023, 5:07 PM IST

চৌদি আৰৱৰ চৰকাৰে কিছু পৰিমানে শিথিল কৰিছে ক’ভিডৰ নীতি নিয়ম ৷ ইয়াৰ পিচতে হজযাত্ৰালৈ সাজু হৈছে উত্তৰ-পূবৰ 6,302 গৰাকী হজযাত্ৰী (Pilgrims from north east ready for Haj pilgrimage) ৷ অহা 21 মে'ৰ পৰা 9 জুনলৈ অব্যাহত থাকিব এই হজযাত্ৰা ৷

6302 pilgrims from north east ready for Haj pilgrimage
হজযাত্ৰালৈ সাজু হৈছে উত্তৰ-পূবৰ 6,302 গৰাকী হজযাত্ৰী

গুৱাহাটী , 12 মে’ : দেশজুৰি ক’ভিডৰ ভয়াবহতা অব্যাহত থকাৰ পিচতে 2023 বৰ্ষত চৌদি আৰৱৰ চৰকাৰে ক’ভিডৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ কঠোৰ নিয়ম বহুখিনি শিথিল কৰি দিয়াৰ পিচতে হজযাত্ৰালৈ সাজু হৈছে উত্তৰ-পূবৰ 6,302 গৰাকী হজযাত্ৰী (Pilgrims from north east ready for Haj pilgrimage) ৷ বিগত বৰ্ষতকৈ এইবৰ্ষত হজযাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে (Haj pilgrims increases this year)। বিগত ২০২২ বৰ্ষত অসমকে ধৰি উত্তৰ-পূবৰ পৰা পবিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যোৱা হজযাত্ৰীৰ সংখ্যা আছিল প্ৰায় 3,500 জন (Haj Pilgrims 2023) । কিন্তু ইয়াৰ বিপৰীতে এইবাৰ হজ সমাপনৰ বাবে উত্তৰ-পূবৰ পৰা মক্কালৈ যাব 6,302 গৰাকী হজযাত্ৰী ।

উত্তৰ-পূব হজ কমিটীৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামান আৰু সদস্য শ্বহিদুল ইছলামে জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ হজযাত্ৰা অহা 21 মে'ৰ পৰা আৰম্ভ হ’ব (Haj pilgrims will start from 21st May)। সিদিনাৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা চৌদি আৰৱ চৰকাৰৰ বিমান সংস্থাৰ বিশেষ বিমান হজযাত্ৰীলৈ পোনে পোনে মক্কালৈ উৰা মাৰিব । এই যাত্ৰা অহা 6 জুন পৰ্যন্ত চলিব ।

ইতিমধ্যে হজলৈ যাবলগীয়া হজযাত্ৰীসকলৰ বাবে জিলা ভিত্তিত প্ৰশিক্ষণ চলি আছে । অসম চৰকাৰৰ হজ আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত হজ কমিটীৰ অধ্যক্ষ তথা অধিবক্তা নেকিবুৰ জামান, সদস্য শ্বহিদুল ইছলামকে ধৰি আন আন বিষয়-ববীয়াসকলে এই প্ৰশিক্ষণ কাৰ্যৰ তদাৰক কৰি আছে ।

আনহাতে, বৰঝাৰ বিমানবন্দৰত হজযাত্ৰা কৰাৰ সময়ত হজযাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধা নাপাই তাৰ বাবে বিগত বৰ্ষৰ দৰে এইবেলিও বিমানবন্দৰ হজ অভ্যৰ্থনা কমিটি এখন গঠন কৰা হৈছে । জানিব পৰা মতে, জ্যেষ্ঠ চৰকাৰী বিষয়া আলতাফ হুছেইনক সভাপতি, কাচেম আলীক কাৰ্যকৰী সভাপতি হিচাপে লৈ অভ্যৰ্থনা সমিতিখন গঠন কৰা হৈছে । আনহাতে, হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে সদৰি কৰা অনুসৰি হজযাত্ৰীসকলৰ বিমান পোনে পোনে মদিনালৈ যাব । তাত নিৰ্দিষ্ট হোটেলত আঠদিন থকাৰ পাছতহে হজযাত্ৰী সকল মক্কালৈ যাব ।

অসমৰ হজযাত্ৰীসকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব ।

লগতে পঢ়ক: হজযাত্ৰা সন্দৰ্ভত ডিব্ৰুগড়ত হজ কমিটিৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.