ETV Bharat / state

Paddy procurement process in Assam : ২০৯ টা লক্ষ্যৰ বিপৰীতে ৰাজ্যত সক্রিয় ধান ক্রয় কেন্দ্ৰ মাত্ৰ ৬৩ টা

author img

By

Published : Jan 27, 2023, 1:25 PM IST

কৃষকৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যত (Paddy procurement process in Assam)৷ প্ৰক্ৰিয়াৰ বাবে আবেদন ২০ হাজাৰ কৃষকৰ ৷ পর্যাপ্ত ধান ক্ৰয় নোহোৱাৰ কাৰণ স্পষ্ট হোৱাৰ পাছতো নিৰ্বিকাৰ ভূমিকাত ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগ (63 active paddy procurement centers in the state) ৷

Paddy procurement process in Assam
২০৯ টা লক্ষ্যৰ বিপৰীতে ৰাজ্যত সক্রিয় ধান ক্রয় কেন্দ্ৰ মাত্ৰ ৬৩ টা

গুৱাহাটী, 27 জানুৱাৰী : ৰাজ্যত আৰম্ভ হৈছে কৃষকৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া (Paddy procurement process in Assam)৷ ২০৪০ টকাকৈ ন্যূনতম সমর্থন মূল্য আদায় দি ছটাকৈ চৰকাৰী সংস্থাৰ যোগেদি কৃষকৰপৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যত (Minimum Support Price) ৷ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও বৰ্তমানলৈকে মাত্ৰ ২০ হাজাৰ কৃষকেহে আবেদন কৰিছে এই প্ৰক্ৰিয়াৰ বাবে । উল্লেখ্য যে, এইবাৰ প্ৰথম শস্য ঋতুতেই দহ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে ।

ভাৰতীয় খাদ্য নিগমক (Food Corporation of India) ৪,০৪,০০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বান্ধি দিয়াৰ বিপৰীতে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (Assam Food and Civil Supplies Corporation Ltd) এফ চি আইতকৈ অধিক ৪,০৮,৫০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বান্ধি দিয়া হৈছে । সেইদৰে, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদে ৪৫০০ মেট্ৰিক টন; নাক’ফে ৫৩০০০ মেট্ৰিক টন; নাফেডে ১,২৪,০০০ মেট্ৰিক টন আৰু এন চি চি এফে ২২০০০ মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখনীয় যে ২০২১-২২ বৰ্ষৰ দুয়োটা শস্য ঋতুতে প্ৰায় ৫.৬৫ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল । সেই বছৰটোত সমুদায় দহ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । পর্যাপ্ত ধান ক্ৰয় নোহোৱাৰ কাৰণ হিচাপে কৃষকসকলৰ মাজত সজাগতাৰ অভাৱ, ধান ক্ৰয় কেন্দ্ৰসমূহ দূৰৈত থকা আদি কাৰণসমূহক চিহ্নিত কৰা হৈছিল যদিও এনে সমস্যাসমূহ দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত অদ্যাপি পর্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । কৃষকে ইতিমধ্যেই ধান চপাইছে যদিও এইপর্যন্ত মাত্ৰ ১৫ হাজাৰ কৃষকেহে ধান বিক্ৰীৰ বাবে আবেদন কৰিছে আৰু তাৰে মাত্ৰ ৯৮৭৯ জনৰহে পঞ্জীয়ন সম্পূৰ্ণ হৈ উঠিছে ।

প্ৰথমটো শস্য ঋতুত ২০৯ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে যদিও আজি পর্যন্ত মাত্ৰ ৬৩ টা কেন্দ্ৰহে সক্ৰিয় কৰি তোলা হৈছে (63 active paddy procurement centers in the state) ৷ ইয়াৰে ভিতৰত এ এফ চি এছ চি এলৰ ৩৯ টা, এফ চি আইৰ ১৮ আৰু নাফেডৰ ৬ টা কেন্দ্ৰ আছে; অন্য সংস্থাকেইটাই এটাও কেন্দ্ৰ সক্ৰিয় কৰি তোলা নাই । বজালী, কাছাৰ, চৰাইদেউ, চিৰাং, ডিব্ৰুগড়, ডিমা হাছাও, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু তিনিচুকীয়া অৰ্থাৎ মুঠ ১২খন জিলাত এতিয়ালৈকে এটাও সক্ৰিয় কেন্দ্ৰ নাই ।

আনহাতে, সাতখন জিলাত মাত্ৰ এটাকৈহে সক্ৰিয় কেন্দ্ৰ আছে ।

লগতে পঢ়ক : Good news for Book Lover: নগাঁৱৰ শেতালীত মুকলি হ’ল গ্ৰন্থ বিপনী লক্ষ্মীপ্ৰভা প্ৰকাশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.