ETV Bharat / state

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে শিথিল হ’ব সান্ধ্য আইন : কেশৱ মহন্ত

author img

By

Published : Jun 12, 2021, 10:57 PM IST

গুৱাহাটীত নিম্নগামী হৈছে ক'ভিড আক্ৰান্তৰ হাৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে শিথিলতা আহিব সান্ধ্য আইনত ৷ ৰাজ্যত দৈনিক তিনি লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য চৰকাৰৰ ৷ সাজু কৰি তোলা হৈছে দুই হাজাৰ টিম ৷ এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

6-dot-6-lakh-vaccinated-in-guwahati
গুৱাহাটীত ৬.৬ লাখ লোকৰ টিকাকৰণ : স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

গুৱাহাটী,১২ জুন : গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে । বিগত সাত দিনত আক্ৰান্তৰ হাৰ নিম্নগামী হৈছে । গুৱাহাটীৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে সকাহ হোৱাৰ লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতা আনিব পৰা যাব । শনিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এইদৰে কয় ।

মন্ত্ৰীগৰাকীয়ে কয় যে, ক'ভিড আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা গুৱাহাটীৰ ৬৪,৮২৭ গৰকী লোকক চিনাক্ত কৰি ক'ভিড পৰীক্ষা কৰা হৈছিল । ইয়াৰ ভিতৰত ৮,১৮৩ গৰাকীৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । গুৱাহাটীৰ লগতে ৰাজ্যজুৰি চিনাক্তকৰণৰ এই প্ৰক্ৰিয়া চলি আছে । আনহাতে গুৱাহাটীৰ সৰুসজাই, ৰয়েল গ্লবেল আৰু কাঁহিকুছিৰ এছ আই আৰ ডিত বৰ্ত্তমান ক'ভিড ৰোগীৰ বাবে ১,০৯০ খন বিছনা খালী হৈ আছে । তদুপৰি ৯০০ বিছনা অতিৰিক্তভাৱে সাজু কৰি ৰখা হৈছে ।

আনহাতে গুৱাহাটীত হোম আইচ'লেশ্যনত আছে ১,৩৮১ গৰাকী ৰোগী আৰু চিকিৎসালয় আৰু ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ১,৪৩৪ গৰাকী ৰোগী । ভেকচিনৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়- গুৱাহাটীত ৬.৬ লাখ লোকৰ টিকাকৰণ সম্পন্ন হৈছে ৷ ৰাজ্যত দৈনিক তিনি লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ বাবে দুই হাজাৰ টিম সাজু কৰি তোলা হৈছে । ক'ভ‍াক্সিনৰ দ্বিতীয় পালিৰ বাবে বৰ্ত্তমান ষ্ট'ক আহি পাইছে আৰু সকলোৱে সময়মতেই দ্বিতীয় পালি লাভ কৰিব । উল্লেখ যে, শনিবাৰে স্বাস্থ্য বিভাগে ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে ক'ভাক্সিনৰ ৩৫,৯৯০ পালি লাভ কৰে ।

লগতে পঢ়ক:মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.