ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - 5 P.M TOP TEN NEWS

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 P.M TOP TEN NEWS
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jan 22, 2021, 5:05 PM IST

ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি

ৰাইজৰ দলৰ সভাপতি তথা সদ্য কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰতে সম্পাদনা কৰি উলিয়াইছে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এখন পত্ৰিকা ৷ শুকুৰবাৰে উন্মোচন কৰা হয় এই সমীক্ষামূলক পত্ৰিকাখন ৷ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কি কি কৰিলে আৰু নকৰিলে তাৰেই এক বৰ্ণনা দাঙি ধৰা হৈছে এই পত্ৰিকাত ৷

ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শুকুৰবাৰে নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা চাইকেল সমদল কৰি নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয় উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কেইবা শ কংগ্ৰেছ কৰ্মী ৷ এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনৰ অভিযোগ, যি সময়ত মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশবাসীক জুৰুলা কৰিছে সেই সময়তেই শাসকীয় দলৰ নেতাই ৰাইজৰ ধনেৰে লাস-বিলাসত ব্যস্ত হৈছে ৷ সাধাৰণ কৃষকৰ খাজানা বৃদ্ধি কৰি সেই ধনেৰেই শাকসীয় চৰকাৰৰ মন্ত্ৰী সকলে বিলাসী চাৰ্টাৰ প্লেনত কাজু-কিছমিছ খাই ভ্ৰমণ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ

নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল ৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

মেঘালয়ৰ কয়লাৰ খনিত অঘটন: অসমৰ শ্ৰমিকৰ মৃত্যু

মেঘালয়ৰ কয়লাৰ খনিত অঘটন ৷ কৰুণ মৃত্যুক সাৱটিলে 6 গৰাকীকৈ শ্ৰমিকে ৷ নিহত ছয় শ্ৰমিকৰ পাঁচ গৰাকী অসমৰ বুলি চিনাক্ত ৷ এই পৰ্যন্ত চিনাক্ত হোৱা নাই ষষ্ঠ গৰাকী ব্যক্তি ৷ পূব জয়ন্তীয়া পাহাৰ জিলাৰ ডেইনচালুলোত সংঘটিত এক দুৰ্ঘটনাত শ্ৰমিক কেইগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সংখ্যক দীক্ষান্ত সমাৰোহত ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শিক্ষাৰ্থী সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল যথেষ্ট আগবঢ়া ৷

গুৱাহাটীত আটক বিহাৰৰ পৰা আহি বাহৰ পতা 6 চিলনী চোৰ

মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰি অহা ইৰাণী গ্ৰুপৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে কামৰূপ জিলা আৰক্ষীয়ে ৷ কামৰূপ জিলা আৰক্ষীয়ে শুকুৰাবাৰে কামাখ্যাৰ বাবা ধামৰ সমীপৱৰ্তী এটা ল‘জৰ পৰা আটক কৰিছে 6জন ইৰাণী গ্ৰুপৰ সদস্যক । মহানগৰীৰ পৰাই অপৰাধৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰে ইৰাণী গ্ৰুপে । বিহাৰৰ পৰা গুৱাহাটীত আহি বাহৰ পতা ছয় চিলনী চোৰে মহানগৰীত চলাইছিল উপদ্ৰৱ । পলাশবাৰীত সংঘটিত এক ধন লুটৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কামৰূপ আৰক্ষীৰ অভিযানত জালত পৰে ইৰাণী গ্ৰুপৰ সদস্য কেইটা ৷

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ টিক্লা আৰু জহা

ৰঙিয়া আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত ৷ দীৰ্ঘদিন ধৰি ৰঙিয়া অঞ্চলত ডকাইতি, ধন লুট আদি ঘটনাৰে ত্ৰাস সৃষ্টি কৰি আহিছিল আৰক্ষীৰ ম’ষ্ট ৱান্টেড ৰেকিব আলী ওৰফে টিক্লাই ৷ ৰেকিবৰ লগতে আৰক্ষীয়ে আটক কৰিছে আৰিফুল ইছলাম ওৰফে জহা নামৰ আন এটা ডকাইতকো ৷ আটকাধীন দুই ডকাইতৰ ঘৰ ৰঙিয়াৰ শ’লমাৰীত ৷

নায্য প্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল অংগনবাদী কৰ্মী

শুকুৰবাৰে ৰাজ্যজুৰি অংগনবাদী সহায়িকা কৰ্মীসকলে নতুন শিক্ষা নীতি তথা শাসকীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ নিজৰ নায্য প্ৰাপ্তিৰ দাবীত হাজাৰ হাজাৰ অংগনবাদী সহায়িকা কৰ্মী নামি আহিছে ৰাজপথলৈ ৷ সমান্তৰালকৈ যোৰহাটতো অংগনবাদী কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অংগনবাদী সহায়িকা কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা, মাননিৰ সলনি মজুৰিৰ ব্যৱস্থা কৰা, মাহিলি নূন্যতম দৰমহা 18 হাজাৰ টকা ধাৰ্য কৰা, এককালীন সাহাৰ্য অবিহনে অংগনবাদী কৰ্মীসকলক অৱসৰ দিয়া বন্ধ কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

পুখুৰীলৈ কোনে দলিয়ালে কণমানি আহমেদ খানক !

মানৱ সমাজক জোঁকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে দক্ষিণ কামপৰূপৰ গৰৈমাৰী অঞ্চলত ৷ এগৰাকী মাতৃৰ বিৰুদ্ধে উত্থাপন হৈছে নিজৰ ডেৰ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগ ৷ এটা পুখুৰীত উপঙি আছিল শিশুটিৰ মৃতদেহ ৷ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গৰৈমাৰীত ৷ এগৰাকী মাতৃৰ বিৰুদ্ধে উত্থাপন হৈছে নিজৰ ডেৰ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগ ৷ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গৰৈমাৰীত ৷

বিটিচিত শান্তিৰ বাতাবৰণ ঘূৰি আহিছে: প্ৰমোদ বড়ো

বিটিচি নিৰ্বাচনত ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰা পাচত প্ৰথম বাৰৰ বাবে শুকুৰবাৰে জালাহ সমষ্টিত উপস্থিত হৈছে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷ বিপুল ভোটেৰে জয়লাভ কৰা নেতা গৰাকীক উষ্ম আদৰণি জনায় জালাহ বাসীয়ে ৷ এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি বিটিচি প্ৰধান গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে সমষ্টিবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.