ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

শীৰ্ষ বাতৰি
শীৰ্ষ বাতৰি
author img

By

Published : Aug 1, 2020, 5:01 PM IST

ঈদৰ নামাজ আদায়ৰ পিছতে হাগ্ৰামাৰ বিস্ফোৰণ

কোকৰাঝাৰত ঈদৰ নামাজ আদায় কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰ মুখ্য বজাৰত থকা জামে মছজিদত ঈদৰ নামাজ আদায় কৰে মহিলাৰীয়ে ।

ৰোগী আনিবলৈ যোৱাৰ সময়তে ঢলি পৰিল 108 সেৱাৰ গাড়ীচালক

কৰ'ণা ৰোগী আনিবলৈ যোৱা এগৰাকী 108 মৃত্য়ুঞ্জয় সেৱাৰ গাড়ীচালক হঠাত অসুস্থ হৈ পৰে ৷ হাইলাকান্দি জিলাত সংঘটিত হয় এই ঘটনা ৷

বিশাখাপট্টনমৰ ভিজাগত ক্ৰেন বাগৰি নিহত 10 জন

বিশাখাপট্টনমৰ ভিজাগত ক্ৰেন বাগৰি নিহত হ'ল 10 জন লোক ৷ আনহাতে,দুজন লোক আহত হোৱাৰ লগতে কেইবাজনো আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷

PSAৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ : চিদাম্বৰম

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ মুক্তিৰ দাবী উত্থাপন কৰি কলে, ১৯৭৮ৰ সাৰ্বজনীন সুৰক্ষা অধিনিয়ম আইনৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ কৰা হৈছে। এয়া দেশৰ প্ৰতিজন নাগৰিকৰ বাবে থকা সংবিধানিক অধিকাৰৰ ওপৰত এক আক্ৰমণ

বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা

সংগীত জগতৰ প্ৰায় সংখ্যক প্ৰসিদ্ধ শিল্পীৰেই চিনাকি অশ্বিনী শইকীয়া ৷ বহু যুগমীয়া অসমীয়া গীতত শুনা পোৱা যায় তেখেতৰ বাঁহীৰ সুমধুৰ ধ্বনি ৷ 1979 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় বিশ সহস্ৰাধিক গীতত বাঁহী সংগত কৰিছে এইগৰাকী শিল্পীয়ে ৷ কিন্তু বৰ্তমান অশ্বিনী শইকীয়া সংকটত ৷ সহায় বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে বিশেষভাৱে সক্ষম শিল্পীগৰাকীয়ে ৷

মুক্তি পালে গুঞ্জন চাক্সেনাৰ ট্ৰেইলাৰ

মুক্তি পালে জাহ্নৱী কাপুৰ অভিনীত আগন্তুক ছবি 'গুঞ্জন চাক্সেনাঃ দ্য কাৰ্গিল'ৰ ট্ৰেইলাৰ ৷ শুকুৰবাৰে মুক্তি পালে ছবিখনৰ আকৰ্ষণীয় ট্ৰেইলাৰটো ৷ ট্ৰেইলাৰটো উপভোগ কৰাৰ পিছতে ছবিখন চাবৰ বাবে উৎসাহী হৈ পৰিছে দৰ্শকসকল ৷

PMAYৰ গৃহ প্ৰদানৰ নামত গাঁঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

ধেমাজিৰ আমগুৰি গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীক গৃহ প্ৰদানৰ নামত উত্থাপন হৈছে এই অভিযোগ ৷

চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীত উদযাপন ঈদ-উজ-জোহা

সামাজিক দূৰত্ব বজাই ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ সম্পূৰ্ণ চৰকাৰী নিয়ম অনুসৰি ৫ গৰাকী লোকৰ উপস্থিতিৰে মমিনুল আৱালকো ঈদৰ নামাজ আদায়ৰ মূহুৰ্তত দেখিবলৈ পোৱা গ'ল ৷

অসম-ত্ৰিপুৰা সীমান্তত গাঞ্জা জব্দ

ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ হৈছে 27 লাখ টকা মূল্যৰ গাঞ্জা । JK 02 AR 5211 নম্বৰৰ এখন ট্ৰাকত ভৰাই অনা হৈছিল 27 পেকেট গাঞ্জা ।

নলবাৰীত কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে !

একেটা পৰিয়ালৰ তিনিজন সদস্য কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতো কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে ৷ তাৰোপৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত কাম কাজ চলাই গৈছে সেই পৰিয়ালটোৰে নাৰ্ছ এগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.