ETV Bharat / state

ৰাজ্যত বানে পুনৰ প্ৰাণ কাঢ়িলে 5 জনকৈ লোকৰ - বানৰ 5 জনৰ মৃত্যু

ৰাজ্যৰ 24 খন জিলাত অব্যাহত আছে বানৰ তাণ্ডৱ , বৰ্তমানেও আক্ৰান্ত হৈ আছে প্ৰায় 25 লাখ লোক ৷ বানত সৰ্বাধিক আক্ৰান্ত হৈছে বৰপেটা জিলা ৷

5 people die in flood-related incidents in Assam
ৰাজ্যত বাঢ়নী পানীয়ে পুনৰ প্ৰাণ কাঢ়িলে 5 জনকৈ লোকৰ
author img

By

Published : Jul 20, 2020, 7:53 AM IST

নিউজ ডেস্ক , 20 জুলাইঃ ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ ৷ ঠায়ে ঠায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান আৰু গড়াখহনীয়াই ৷ 24 খন জিলাত পৰিছে বানৰ ব্যাপক প্ৰভাৱ ৷ চৰকাৰী সূত্ৰ মতে, চলিত বৰ্ষৰ বান আৰু গড়াখহনীয়াই ৰাজ্যত বৰ্তমানলৈকে প্ৰাণ কাঢ়িছে 110 জনকৈ লোকৰ ৷ কেৱল বাঢ়নী পানীত প্ৰাণ হেৰুৱাইছে 84 জন ব্যক্তিয়ে ৷

শেহতীয়াকৈ ৰাজ্যত বানৰ কৱলত প্ৰাণ হেৰুৱাইছে 5 জন ব্যক্তিয়ে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বৰপেটাৰ বাঘবৰ , বাকসাৰ বঙাপাৰা , ধুবুৰীৰ বিলাসীপাৰা , মৰিগাঁৱৰ মায়ঙ আৰু নগাঁও জিলাৰ কলিয়াবৰত শেহতীয়াকৈ মৃত্যু হৈছে এজনকৈ ব্যক্তিৰ ৷ ধেমাজি , লখিমপুৰ , বিশ্বনাথ , দৰং , বাক্সা , নলবাৰী , বৰপেটা , চিৰাং , বঙাইগাঁও , কোকৰাঝাৰ , ধুবুৰী , দক্ষিণ শালমৰা , গোৱালপাৰা , কামৰূপ , কামৰূপ মেট্ৰ , মৰিগাঁও , নগাঁও , গোলাঘাট , যোৰহাট , মাজুলী , শিৱসাগৰ , জিব্ৰুগড়, তিনিচুকীয়া আৰু কাছাৰ জিলাৰ 25 লাখ 29 হাজাৰ লোক বানত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷

জিলাসমূহৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে গোৱালপাৰা জিলা ৷ প্ৰায় 4 লাখ 53 হাজাৰ লোক আক্ৰান্ত হৈছে জিলাখনত ৷ ইয়াৰ পাছতেই 3 লাখ 44 হাজাৰ আক্ৰান্তৰে সৈতে দ্বিতীয় সৰ্বাধিক আক্ৰান্ত হৈছে বৰপেটা জিলা ৷

লগতে পঢ়কঃ বঙাইগাঁৱত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.