গুৱাহাটী, 18 অক্টোবৰঃ শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাৰ্ডিয়লজিকেল চছাইটি অৱ ইণ্ডিয়াৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিছন ব্লু' হোটেলত অনুষ্ঠিত হৈছে চতুৰ্থ সংখ্যক চি এছ আই কাৰ্ডিয়েক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ । এই আলোচনা চক্ৰৰ শুভাৰম্ভণি কৰে অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে । হৃদ ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সাধাৰণ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই আলোচনা চক্ৰৰ । এই আলোচনা চক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট চিকিৎসক, হৃদ ৰোগ বিশেষজ্ঞ, হৃদ ৰোগ প্ৰতিৰোধী প্ৰতিষ্ঠানৰ লগতে দেশ-বিদেশৰ কেইবাগৰাকীও ফেকাল্টি আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আয়োজক চি এছ আইৰ সভাপতি ডাঃ মৃনাল কান্তি দাস, সম্পাদক ডাঃ সুমিত্ৰ কুমাৰ, আয়োজক কমিটিৰ সম্পাদক ডাঃ দীপক শৰ্মা, চি এছ আই উত্তৰ-পূৱৰ সভাপতি ডাঃ এ কে শৰ্মা, চেয়াৰপাৰ্চন ডাঃ নীল বৰদলৈ, কো. চেয়াৰপাৰ্চন ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি বহুটো বিশিষ্ট ব্যক্তি । এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ জৰিয়তে অসমৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । লগতে তেওঁ কয় যে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰই অসমত চিকিৎসা পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে অসমক বিভিন্ন দিশত লাভান্বিত কৰিব ৷
গুৱাহাটীত চতুৰ্থ সংখ্যক চি এছ আই কাৰ্ডিয়েক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাৰ্ডিয়লজিকেল চছাইটি অৱ ইণ্ডিয়াৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিছন ব্লু' হোটেলত অনুষ্ঠিত হৈছে চতুৰ্থ সংখ্যক চি এছ আই কাৰ্ডিয়েক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ ।