ETV Bharat / state

এবছৰত আৰক্ষীৰ 'এনকাউন্টাৰ'ত ৪৮ জনৰ মৃত্যু - অধিবক্তা আৰিফ জোৱাদ্দাৰে

উচ্চ ন্যায়ালয়ে যোৱা ফেব্ৰুৱাৰীতে ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ এমাহৰ ভিতৰত শপতনামা দাখিলৰ জাননী প্ৰেৰণ কৰিছিল । ন্যায়ালয়ে এই নিদেৰ্শনা জাৰি কৰা দুমাহ উকলি যোৱাৰ পিছতো আৰক্ষী সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ন্যায়ালয়ত কোনো শপতনামা দাখিল কৰা নাই ।

এবছৰত আৰক্ষীৰ 'এনকাউন্টাৰ'ত ৪৮ জনৰ মৃত্যু

author img

By

Published : May 30, 2022, 10:29 PM IST

গুৱাহাটী, 30 মে': ৰাজ্যত আৰক্ষীৰ জিম্মাত মানুহৰ মৃত্যু হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে । শেহতীয়াভাৱে দেওবাৰে নিশা আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আশ্বিকুল ইছলামে গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাইছে ।

এই ঘটনাৰ পিছত একাংশই যোৱা সময়ছোৱাত আৰক্ষীয়ে দুৰ্ঘটনাৰ ৰূপ দি হত্যা কৰা যোৰহাটৰ কলা ল'ৰাৰ অনুৰূপ ঘটনা আশ্বিকুল ইছলামৰ লগত আৰক্ষীয়ে কৰা বুলি অভিযোগ উত্থাপন কৰিছে । আশ্বিকুল ইছলামৰ মৃত্যুত দেৱব্ৰত শইকীয়াই সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ইপিনে এ আই ডি এফৰ বিধায়ক আমিনুল ইছলামে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ জিম্মাত আশ্বিকুল ইছলামৰ মৃত্যু ৰহস্যজনক আৰু সন্দেহজনক বুলি মতপোষণ কৰিছে । ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীয়ে কোৱাৰ দৰেই এয়া এক দুৰ্ঘটনা বুলি মন্তব্য কৰিছে ।আনহাতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰে দেওবাৰে নিশা সংঘটিত এই ঘটনা আৰক্ষীৰ দ্বাৰা সংঘটিত বুলি মতপোষণ কৰিছে ।

উল্লেখ্য যে ভুৱা একাউণ্টাৰ সন্দৰ্ভত অধিবক্তা আৰিফ জোৱাদ্দাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এটা জনস্বার্থজড়িত আবেদনৰ বিচাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে । তেওঁ প্ৰকাশ কৰা মতে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ মৃত্যু সন্দৰ্ভত স্পষ্ট কোনো তথ্য দিব পৰা নাই । উল্লেখ্য যে নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে ।

অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত এই জনস্বার্থজড়িত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল । তেওঁৰ মতে 2021 চনৰ মে’ মাহৰ পৰা ৰাজ্যত 80 টা এনে ভূৱা এনকাউণ্টাৰ সংঘটিত হৈছিল । নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।

উচ্চ ন্যায়ালয়ে যোৱা ফেব্ৰুৱাৰীতে ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ এমাহৰ ভিতৰত শপতনামা দাখিলৰ জাননী প্ৰেৰণ কৰিছিল । ন্যায়ালয়ে এই নিদেৰ্শনা জাৰি কৰা দুমাহ উকলি যোৱাৰ পিছতো আৰক্ষী সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ন্যায়ালয়ত কোনো শপতনামা দাখিল কৰা নাই ।

আচৰিত কথা যে গোচৰটোৰ শুনানীৰ সময়ত আজিলৈকে আৰক্ষী সঞ্চালক প্ৰধান নায়ালয়ত হাজিৰ হোৱা নাই । গোচৰটোৰ শুনানীৰ সময়ত মাত্ৰ গৃহ বিভাগৰ প্ৰতিনিধিহে উপস্থিত হৈ আহিছে । উচ্চ ন্যায়ালয়ে অহা 7 জুনত এই গোচৰটোৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰিছে ।

লগতে পঢ়ক: আছু-প্ৰাক্তন আছুৰ সংঘাতঃ ডিব্ৰুগড়ত শ্বহীদ ন্যাস ভৱন উত্তপ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.