ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - তৰুণ গগৈ

বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱৰণত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

Death Anniversary of Former Assam CM Tarun Gogoi
ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:45 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

গুৱাহাটী, 23 নৱেম্বৰ : আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি স্মৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷ মহানগৰীৰ ৰাজীৱ ভৱনতো অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ 2020 চনৰ 23 নৱেম্বৰৰ দিনটোতে 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল ৰাজনীতিবিদগৰাকীয়ে ৷ আজিৰ এই দিনটোত সমগ্ৰ ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে স্মৰণ কৰা হয় ৰাজনীতিবিদগৰাকীক ৷

অসমৰ ৰাজনীতিত 15 টা বছৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাই গৈছিল তেওঁ ৷ দীৰ্ঘদিন ধৰি থকা ৰাজনৈতিক অভিজ্ঞতা থকা তৰুণ গগৈ আছিল এজন স্বভাৱসুলভ হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱৰণত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

সমান্তৰালভাৱে গুৱাহাটীৰ ৰাজীৱ ভৱনতো অনুষ্ঠিত কৰা হয় সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু কেইবাগৰাকীও জেষ্ঠ কংগ্ৰেছ নেতা ৷

আজিৰ এই দিনটোত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কৰি কয়, "তেওঁ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অশান্ত অসমক শান্ত কৰাৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিকভাৱে সুস্থিৰ কৰি তুলিছিল ৷ তেওঁ এজন খুব ভাল দৰ্শন থকা মুখ্যমন্ত্ৰী আছিল ৷ তেওঁৰ শূণ্যতা কেৱল কংগ্ৰেছকর্মীয়ে নহয় অসমৰ সকলো জনতাই আজি মৰ্মে মৰ্মে উপলব্ধি কৰে ৷"

লগতে পঢ়ক : তৰুণ গগৈবিহীন তিনিটা বছৰ, লখিমপুৰত গৌৰৱ গগৈ ফেনছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.