ETV Bharat / state

PM Awas Yojana: প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশ - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

কলাক্ষেত্রত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । আৱণ্টিত ১৯,১০,৮২৩টা ঘৰৰ ভিতৰত ১২,৪৩,৫৮৪টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ । 'মুখ্যমন্ত্রী আৱাস যোজনা'ৰ জৰিয়তে এই বছৰ ১লাখ পৰিয়ালক ঘৰ দিব । আগন্তুক বৰ্ষত আৰু এক লাখ ঘৰ নিৰ্মাণ কৰা হ'ব । অৰুণোদয় আঁচনিত ৰন্ধন গেছৰ বাবেও দিয়া হ'ব ২০০ টকাকৈ । ভালদৰে খেতি কৰিলে অসমীয়া কেতিয়াও দুখীয়া হৈ নাথাকে ।

PM Awas Yojana
PM Awas Yojana
author img

By

Published : Jul 13, 2023, 4:07 PM IST

প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশ

গুৱাহাটী, ১৩ জুলাই: প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ ৩,০৭,৮১৪টা পৰিয়ালে একেলগে গৃহ প্ৰৱেশ কৰিলে । গৃহ প্ৰৱেশৰ এই বৃহৎ কাৰ্যসূচীৰ বাবে বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

  • HCM Dr. @himantabiswa inaugurated the "Griha Pravesh" cer. for 3,07,814 beneficiaries as on today under #PMAY-G from the premise of Srimanta Sankardev Kalakshetra which then followed by the responsible dignitaries at various respective places of Assam.

    It's an honour to lay my… pic.twitter.com/gYziXWz7zs

    — Ranjeet Kumar Dass (@RanjeetkrDass) July 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানৰ যোগেদি কেন্দ্ৰীয়ভাৱে গৃহ প্ৰৱেশৰ বিশাল কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে অসমৰ ৩০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । প্ৰধানমন্ত্রী আৱাস যোজনাৰ যোগেদি এই লোকসকলক সামৰি লোৱা হৈছে । কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে ১৯,১০,৮২৩টা ঘৰ আবণ্টন দিছে আৰু ইয়াৰে ১২,৪৩,৫৮৪টা ঘৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ।

আজি ইয়াৰে ৩,০৭,৮১৪টা ঘৰৰ একেলগে গৃহ প্ৰৱেশ অনুষ্ঠান কৰা হৈছে । বিগত দুটা বছৰত ৮,৩৪,৮৩৯টা ঘৰ সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ পূৰ্বে পাঁচ বছৰত ৪ লাখ ঘৰ সম্পূৰ্ণ হৈছিল । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বাকী থকা ৬লাখ ঘৰ সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ সদৰী কৰে । আঁচনিখনৰ বাবে কেন্দ্ৰই ১৩ হাজাৰ কোটি টকা দিছে আৰু ৰাজ্য চৰকাৰে খৰচ কৰিছে ১৫০০ কোটি টকা ।

তেওঁ কয় যে এই আঁচনিৰ যোগেদি দৰিদ্ৰজনে এটা ঘৰ পোৱাৰ বিপৰীতে ৰাজ্যৰ অৰ্থনীতিত গতিশীলতা আহিছে । প্ৰসংগ ক্ৰমে তেওঁ কয় যে অৰুণোদয় আঁচনিৰ যোগেদি গ্ৰাম্য অৰ্থনীতিত সঞ্চাৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ দিনত সূতা-কম্বল বাহিৰৰ পৰা ক্ৰয় কৰা হৈছিল । বিজেপি চৰকাৰৰ আঁচনিসমূহে ৰাজ্যখনৰ অৰ্থনীতিক সবল কৰি তোলিছে ।

তেওঁ লগতে কয় যে অসম চৰকাৰে 'মুখ্যমন্ত্রী আৱাস যোজনা'ৰ জৰিয়তে এই বছৰ ১লাখ পৰিয়ালক ঘৰ দিব । আগন্তুক বৰ্ষত আৰু এক লাখ ঘৰ নিৰ্মাণ কৰা হ'ব । ৩০ লাখ ঘৰ নিৰ্মাণ কৰিব পাৰিলে সকলোৰে বাবে ঘৰৰ সপোন বাস্তৱায়িত হ'ব বুলি তেওঁ কয় ।

কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চৰকাৰে ধানৰ উপৰি সৰিয়হ ক্ৰয়ত বিশেষ গুৰুত্ব দিছে । ইয়াৰে বাবে তেওঁ কৃষক ৰাইজক খেতি কৰাত মনোনিবেশ কৰাৰ বাবে বিশেষভাৱে আহ্বান জনায় । পথাৰসমূহ খালী হৈ পৰি থকাৰ প্ৰসংগত তেওঁ কয় যে আমি অসমীয়া মানুহে লক্ষ্মীক খেদি আছো । খেতি কৰি লক্ষ্মীক আদৰি অনাৰ বাবে তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । ভালদৰে খেতি কৰিলে অসমীয়া দুখীয়া হৈ নাথাকে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে অৰুণোদয় আঁচনিত ১৯ লাখ হিতাধিকাৰীৰ লগত এইবাৰ নতুনকৈ আৰু ৭ লাখ হিতাধিকাৰী যোগ হ'ব । পৰৱৰ্তী সময়ত আৰু ৮ লাখ যোগ কৰা হ'ব । অৰুণোদয় আঁচনিত দিয়া ১২৫০টকাৰ বিপৰীতে ২০০ টকা বিদ্যুতৰ মাছুলৰ বাবে দিয়া হৈছে । ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই আঁচনিত ৰন্ধন গেছৰ বাবেও আৰু ২০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব ।

আনহাতে ৪০ লাখ মহিলা আত্মসহায়ক গোটৰ প্ৰত্যককে ব্যক্তিগতভাৱে ব্যৱসায় কৰাৰ বাবে ১০ হাজাৰ টকাকৈ দিয়া হ'ব । ইয়াৰ সদব্যৱহাৰ কৰিলে ২৫ হাজাৰ টকাকৈ সুদবিহীন ঋণ দিয়া হ'ব । তেওঁ লগতে আজি গৃহ প্ৰৱেশ কৰা পৰিয়ালসকলৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্রীলৈ পত্র প্ৰেৰণ কৰাৰ কথা সদৰী কৰে ।

প্ৰধানমন্ত্রী ‍আৱাস যোজনাত কোনো ধৰণৰ অনিয়ম সহ্য কৰা নহ'ব বুলি সকিয়াই দি তেওঁ কয় যে এইক্ষেত্রত চৰ আৰু সংখ্যালঘু এলেকাত দৃষ্টি ৰখাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে চৰ অঞ্চল তথা সংখ্যালঘু এলেকাত বেপাৰ চলি আছে আৰু সেই অঞ্চলৰ নেতাসকলে আবেগক লৈ ৰাজনীতি কৰে কিন্তু দুখীয়াৰ কথা চিন্তা নকৰে ।

অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বক্তব্য আগবঢ়ায় । গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত সাংসদ কুইন ওজা, মুখ্য সচিব পৱন বৰঠাকুৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কাৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে গৃহ প্ৰৱেশ এই কাৰ্যসূচী কেন্দ্ৰীয়ভাৱে মুকলি কৰাৰ উপৰি একে সময়তে জিলাই জিলাই সাংসদ, মন্ত্রী, বিধায়ক, জিলা পৰিষদৰ বিষয়ববীয়া, পঞ্চায়তৰ বিষয়ববীয়া সকলে মুকলি কৰে ৷

লগতে পঢ়ক: Constituency Delimitation: কেইবাটাও সমষ্টিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ; দৰং হ’ব ভৈৰৱকুণ্ড, গুৱাহাটী হ’ব প্ৰাগজ্যোতিষপুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.