ETV Bharat / state

সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ - সৰুসজাইত শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

শুকুৰবাৰে সৰুসজাইত ষ্টেডিয়ামত সম্পন্ন কৰা হ’ল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হ’ল ৷

as_ghy_Teacher_appointment_vis_AS10028
সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ
author img

By

Published : Feb 5, 2021, 9:30 PM IST

গুৱাহাটী,5 ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষাখণ্ডলৈ সুখবৰ ৷ শুকুৰবাৰে সৰুসজাইত ষ্টেডিয়ামত সম্পন্ন কৰা হ’ল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হ’ল ৷ পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠান প্ৰাদেশীকৰণৰ যোগেদি পুনৰ ১৬,২১৭ শিক্ষকক নিযুক্তি প্ৰদান কৰ হ’ব ৷ লগতে টেট উত্তীৰ্ণ ১৩,২১৭ শিক্ষকে লাভ কৰিব নিযুক্তি ৷

সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

উল্লেখ্য যে, শুকুৰবাৰৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০০৬ চনৰ পিচত গঠন হোৱা কোনো শিক্ষানুষ্ঠান প্ৰদেশীকৰণ কৰা নহয় ৷ আনহাতে, অসমৰ প্ৰতিজন যোগ্য শিক্ষকক প্ৰাদেশিকৰণ কৰা হ’ব বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ । নতুনকৈ শিক্ষানুষ্ঠান নুখুলিবলৈ আহ্বান জনালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মেধাৰ ভিত্তিত জিলা সমূহত নিযুক্তি দিয়া হৈছে । ৫ হাজাৰ শিক্ষকক আৰু প্ৰাদেশিকৰন কৰা হ’ব । প্ৰতিখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব বুলি ঘোষনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

ইয়াৰ উপৰিও প্ৰতি ১ কিলোমিটাৰৰ অন্তৰে অন্তৰে স্থাপন হ’ব প্ৰাথমিক বিদ্যালয় । আগতে শিক্ষক হোৱা বহু কষ্ট আছিল বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ । টেট শিক্ষকৰ নিযুক্তিত কোনো খেলিমেলি হোৱা নাই বুলি মন্তব্য হিমন্তৰ । এই খিনিতে মন কৰিবলগীয়া কথাটো হ’ল, বিজেপিৰ প্ৰায় পাঁচবছৰীয়া শাসনকালত বিভিন্ন সমস্যাৰে জৰ্জিৰত ৰাজ্যৰ টেট শিক্ষক সকলৰ সমস্যা সমাধনৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ আনহাতে, ইতিমধ্যে ৰাজ্যৰ কেইবাঠাইটো বহু কেইগৰাকী শিক্ষকে বিনা বেতনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ বাতৰিও সময়ে সময়ে পোহৰলৈ আহিছে ৷ কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে শিক্ষা খণ্ডত এই বিশাল নিযুক্তি প্ৰক্ৰিয়া কেৱল সাধাৰণ ৰাইজক আকৰ্ষণ কৰাৰ বিজেপিৰ চৰকাৰৰ এক পদক্ষেপ বুলি আখ্যা দিছে একাংশই ৷

লগতে পঢ়ক-ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.