ETV Bharat / state

Small tea mills : সকাহ পাব ৰাজ্যৰ চাহ খেতিয়কে; ৰাজসাহায্যৰ ভিত্তিত স্থাপন হ’ব ক্ষুদ্ৰ কলঘৰ

author img

By

Published : May 2, 2023, 4:02 PM IST

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ । ৰাজ্যত স্থাপন হ’ব 250 টা ক্ষুদ্র কলঘৰ । চাহৰ উপ কৰৰ জৰিয়তে সংগৃহীত ধনেৰে 70 % ৰাজসাহায্যৰ ভিত্তিত স্থাপন কৰা হ'ব কলঘৰ । ক্ষুদ্র কলঘৰ স্থাপন হ'লে কেঁচাপাত বিক্ৰীৰ বাবে বটলিফ ফেক্টৰীৰ ওচৰত নিৰ্ভৰ কৰি অহাৰ প্ৰৱণতা হ্রাস পাব আৰু কেঁচাপাতৰ উচিত মূল্য লাভ কৰিব খেতিয়কে (Assam govt for tea industry) ।

Small tea mills will be set up
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাল খবৰ

গুৱাহাটী, 2 মে' : দুশ বছৰ হোৱা অসমৰ চাহকলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ উদ্যোগ । অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰি অহা চাহ উদ্যোগটোৰ বাবে চৰকাৰে কেবিনেটতো কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম চৰকাৰে চাহৰ ক্ষুদ্ৰ কলঘৰ স্থাপনত গুৰুত্ব আৰোপ কৰিছে । বটলিফ ফেক্টৰীসমূহে কেঁচাপাত ক্ৰয়ৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৰি অহা প্ৰতাৰণাৰ অৱসান ঘটাবলৈ ক্ষুদ্ৰ কলঘৰ স্থাপনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব আৰোপ কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক প্রতিশ্রুতি আগবঢ়াইছে (Small tea mills will be set up in Assam) ।

ইতিমধ্যে চৰকাৰৰ ৰাজহ শিতানত জমা হৈ থকা চাহৰ উপকৰৰ ধনেৰে 70 % ৰাজ সাহায্যত ক্ষুদ্র কলঘৰ স্থাপনৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হৈছে । ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই প্ৰস্তাৱ প্ৰস্তুত কৰি উদ্যোগ বিভাগৰ ওচৰত দাখিল কৰিছিল আৰু উদ্যোগ বিভাগে সেই প্ৰস্তাৱত অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিছে ।

উক্ত প্ৰস্তাৱৰ ভিত্তিত কম দিনৰ ভিতৰতে ক্ষুদ্ৰ চাহ খেতিয়কে ভাল খবৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্রদান কৰিছে । উল্লেখ্য যে, ক্ষুদ্র কলঘৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনালে উপ কৰৰ ধনেৰে প্ৰায় 250 টা ক্ষুদ্র কলঘৰ স্থাপনৰ পথ প্রশস্ত হ’ব আৰু ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাত বিক্ৰীৰ সময়ত সন্মুখীন হোৱা সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব (Tea industry in Assam) ।

ক্ষুদ্র কলঘৰৰ অভাৱত ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি পর্যন্ত বটলিফ ফেক্টৰী আৰু বাগিচাৰ ফেক্টৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে । যাৰ ফলত কেঁচাপাতৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল । বটলিফ ফেক্টৰীসমূহে উচিত মূল্য নিদিয়াত ক্ষুদ্র চাহ খেতিয়কসকলে প্ৰায়ে কম মূল্যত কেঁচাপাত বিক্ৰী কৰিবলৈ বাধ্য হৈ আহিছে । অসমৰ চাহে দুশ বছৰত ভৰি দিয়াৰ সময়তো ক্ষুদ্ৰ চাহ খেতিয়কসকল কেঁচাপাতৰ উচিত মূল্য লাভ কৰাত প্ৰায়ে বঞ্চিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই সমস্যাটো দূৰ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সদিচ্ছা প্রকাশ কৰিছে ।

ৰাজসাহায্যত ক্ষুদ্ৰ চাহ খেতিয়কে ক্ষুদ্র কলঘৰ স্থাপন কৰিবলৈ সক্ষম হ'লে কেঁচাপাত বিক্ৰীৰ বাবে বটলিফ ফেক্টৰীৰ ওচৰত নিৰ্ভৰ কৰি অহাৰ প্ৰৱণতা হ্রাস পাব আৰু কেঁচাপাতৰ উচিত মূল্য লাভ কৰিব । লক্ষ্যনীয় বিষয় যে, ক্ষুদ্র কলঘৰ স্থাপনত চৰকাৰে অনুমোদন জনালে চৰকাৰৰো কোনো লোকচান নহয় । কাৰণ কলঘৰ স্থাপনৰ বাবে চৰকাৰৰ হাতত সেই ধন জমা আছে ৷ চৰকাৰে 2009-2016 চন পর্যন্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা উপ কৰ সংগ্ৰহ কৰিছিল । 2009 চনত প্ৰতি কিল’গ্রাম কেঁচা পাতৰ বিপৰীতে 20 পইচাকৈ আৰু পৰৱৰ্তী সময়ত 25 পইচাকৈ সংগ্ৰহ কৰিছিল ।

কিন্তু 2016 চনৰ পৰা চাহৰ উপ কৰ সংগ্ৰহ প্ৰক্ৰিয়াতো চৰকাৰে বন্ধ কৰি পূৰ্বৰ পৰা সংগ্ৰহ কৰা উপ কৰৰ ধন ৰাজহ জমা শিতানত জমা ৰাখে । উপ কৰৰ নামত সংগৃহীত ধনৰ পৰা 100 কোটি মান টকা চাহৰ গৱেষণা, প্রশিক্ষণ আদিৰ নামত ব্যয় হোৱাৰ পাছত সম্প্ৰতি 183 কোটি টকা জমা হৈ আছে । জমা হৈ থকা এই ধনেৰে এতিয়া ক্ষুদ্ৰ কলঘৰ স্থাপনৰ প্ৰস্তাৱ উদ্যোগ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল হৈছে । যদি জমা থকা উপ কৰৰ এই ধনৰাশি 70 % ৰাজসাহায্য হিচাপত ক্ষুদ্র কলঘৰ স্থাপনৰ বাবে মুকলি কৰি দিয়ে তেন্তে ৰাজ্যখনত প্ৰায় 250 টা ক্ষুদ্র কলঘৰ স্থাপন হ’ব । ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত বিক্ৰীৰ জটিলতা দূৰ হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : Tillu killed in Tihar jail : ৰোহিনী আদালতৰ গুলীচালনাকাণ্ডৰ মূল অভিযুক্ত টিল্লুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.