গুৱাহাটী,১৪ এপ্ৰিল : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে চাংসাৰিত নৱনিৰ্মিত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ) আৰু কোকৰাঝাৰ, নলবাৰী আৰু নগাঁৱত নৱনির্মিত চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে আই আই টি গুৱাহাটীত আছাম এডভান্সড্ হেলথকেয়াৰ ইন'ভেশ্যনৰ আধাৰশিলা স্থাপন কৰে (PM Modi visit Assam)। প্ৰধানমন্ত্রী মোডীয়ে লগতে ৰাজ্যত ১.১ কোটি আয়ুষ্মান কাৰ্ডৰ বিতৰণৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে ।
এই উপলক্ষে চাংসাৰিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন । ব'হাগ বিহু অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা আৰু এই উৎসৱমুখৰ পৰিৱেশৰ সময়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পৱিত্ৰ অসম ভূমিত উপস্থিত হৈছে । তেওঁ কয় যে, প্রধানমন্ত্ৰীয়ে এইমছ গুৱাহাটী অসমবাসী তথা দেশবাসীৰ সেৱাত উৎসর্গিত কৰিছে ।
মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত এইমছ হোৱাতো এক সপোন আছিল । অসমত এইমছৰ সপোন অসমবাসীৰ বুকুত আছিল । এই সপোনে কেতিয়াবা প্রাণ পাব সেই কথা অসমবাসীয়ে কল্পনা কৰিব পৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ১,১২৩ কোটি টকা ব্যয়ৰে ৭৫০ খন বিছনাযুক্ত এইমছ আজি আমাৰ বাবে সপোন নহয়, এক বাস্তৱত পৰিণত হৈছে (PM Modi inaugurates AIIMS Guwahati)।
মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে অসম চৰকাৰৰ এক পণ আৰু লক্ষ্য আছে । সেই পণ আৰু লক্ষ্যক বাস্তৱায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নগাঁও, নলবাৰী আৰু কোকৰাঝাৰত আজি চিকিৎসা মহাবিদ্যালয় শুভ উদ্বোধন কৰা হৈছে ।
তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে অসমত ২৪ খন চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলাৰ বাবে লক্ষ্য লৈছে । সেই লক্ষ্যত অহা ৩ বা ৪ বছৰৰ ভিতৰত উপনীত হ'ব পৰা যাব বুলিও তেওঁ কয় । অসমৰ প্ৰতিখন পুৰণি জিলাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে, চিকিৎসা আৰু আভিযান্ত্ৰিক শিক্ষাৰ সমন্বয়ৰে এক প্রতিষ্ঠান গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ আৰু আই আই টি গুৱাহাটীয়ে সংকল্প লৈছে । ইয়াৰ অধীনত আই আই টি গুৱাহাটীৰ চৌহদত এক নতুন চিকিৎসা মহাবিদ্যলয় নির্মাণ কৰা হ'ব ।
এই চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে উদ্ভাৱনী দিশেৰে আগবঢ়াৰ লগতে আই আই টি গুৱাহাটীৰ অভিযন্তাই ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰাৰ দিশত কাম কৰিব । প্রযুক্তিবিদ্যা আৰু আধুনিক চিকিৎসা এই চিকিৎসা প্রতিষ্ঠানত উপলব্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় । মুখ্যমন্ত্রীয়ে কয় যে, অসমত যিসকল লোকৰ ৰেচন কার্ড আছে সেইসকল লোকে বছৰি ৫ লাখ টকাকৈ আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিব ।
তেওঁ কয় যে, ১ কোটি ১০ লাখ লোকলৈ আজিৰে পৰা আয়ুষ্মান ভাৰতৰ কাৰ্ড ঘৰে ঘৰে বিতৰণৰ কাম আৰম্ভ হ'ব (Ayushman Card distribution in Assam)। শুকুৰবাৰৰ এই অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়া, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্রীয় স্বাস্থ্য পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড৹ ভাৰতী প্রবীণ পাৱাৰে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :AIIMS in Guwahati: গৰু বিহুৰ দিনাই গুৱাহাটীত মুকলি হ’ল এইমছ